কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
আমিনগাঁও, ১৪ অক্টোবৰঃ কামৰূপ জিলাৰ জিলা উন্নয়ন সমিতিৰ এখন বৈঠক আজি সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত উক্ত বৈঠকত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ ৰূপায়ণকাৰী বিষয়া সকলে ইয়াৰ খতিয়ান দাঙি ধৰে। বৈঠকত আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত আন্তঃবিভাগৰ মাজত থকা বিভিন্ন বিষয় সমূহো খৰচি মাৰি আলোচনা কৰাৰ উপৰি ইয়াৰ সমাধানৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকৰ আৰম্ভণিতে যোৱা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠকত লিপিবদ্ধ কৰা বিভিন্ন উন্নয়ন বিভাগৰ নিৰ্দেশনা সমূহৰ পুনৰীক্ষণ কৰা হয়। সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলে তেওঁলোকৰ বাবে ধাৰ্যকৰা কাম সমূহৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। বৈঠকত এপি ডি চি এল, কৃষি, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন, সমাজকল্যাণ, স্বাস্থ্য, শিক্ষা ইত্যাদি বিভাগ সমূহৰ দ্বাৰা ৰূপায়ণ কৰি থকা বিভিন্ন কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। আজিৰ এই বৈঠকতে জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ এক সু-বিস্তৃত প্ৰেজেন্টশ্যনো আগবঢ়োৱা হয়। ইয়াৰ লগতে বিভাগটোৱে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি যেনে পি এম কিষাণ, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, নেশ্যনেল ফুড চিকিউৰিটি মিশ্যন, হৰ্টিকালচাৰ মিশ্যন ইত্যাদি আঁচনি সমূহৰ বিতং পৰ্যালোচনা কৰা হয়। আজিৰ এই বৈঠকত অতিৰিক্ত উপায়ুক্ত সুজতা গগৈ, সহকাৰী আয়ুক্ত চেহনাব চাহিন, অম্বৰীশ বৰাকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে।