শিক্ষক তথা সমাজকৰ্মী ৰঞ্জিত কলিতাৰ অকাল মৃত্যু
দক্ষিণ কামৰূপ ২৩ মাৰ্চ : দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বনিয়াপাৰাৰ অমৃত কলিতাৰ কনিষ্ঠ পুত্ৰ, শিক্ষক তথা সমাজপ্ৰিয় যুৱক ৰঞ্জিত কলিতাৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোঁকৰ ছাঁ পৰিছে । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ৰঞ্জিত কলিতা হঠাতে অসুষ্ঠ হৈ পৰে । লগে লগে পৰিয়ালৰ লোকে যুৱক গৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৭ বছৰ । যুৱক গৰাকীয়ে পানীখাইটি হাইস্কুলত শিক্ষকতাৰ কৰাৰ উপৰিও উক্ত অঞ্চলৰ নাগৰিক কমিটিৰ সম্পাদক, এল আই চিৰ এজেন্ট, ঐক্য সেনা অসমৰ সাপৰটাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা, লুইত পৰীয়া আঞ্চলিক ৰঙালী বিহুৰ সভাপতি/ সম্পাদক, ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভাপতি, ছয়গাঁও মহাবিদ্যালয়ৰ আছু গোটৰ প্ৰাক্তন বিষয়ববীয়া, পানীখাইটি শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যুৱক গৰাকী প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত আছিল ।