‘জনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ২০০৯ চনৰ ২৫ জুলাইত মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ প্ৰকাশ কৰাৰ পিছৰে পৰা এই সংস্থা গঠন কৰা হয়। সুদীৰ্ঘ দিন ধৰি মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ নিয়মীয়া কৈ প্ৰকাশ হৈ আছে। তদুপৰি ‘জনসেৱা’ সংস্থা গঠন হোৱাৰ পিছৰে পৰা সাহিত্য, সাংস্কৃতিক, পৰিবেশ, স্বাস্থ্য সজাগতা আদি দিশৰ ওপৰত বিভিন্ন কাম কৰি থকা হৈছে।
এই সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে- অসমীয়া সাহিত্য-সংস্কৃতি ক্ষেত্ৰ খনৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ কাৰণে আঁচনি গ্ৰহণ কৰা, নিৰক্ষৰতা আৰু দৰিদ্ৰতা দূৰীকৰণ, পৰিবেশ সংৰক্ষণৰ বাবে আঁচনি গ্ৰহণ কৰা, দুখীয়া আৰু বিকালঙ্গ ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণে সহায় কৰা, সকলো সম্প্ৰদায় তথা বিভিন্ন জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি ভাতৃত্ব আৰু ঐক্যতা স্থাপন কৰি অ-সামাজিক কাম-কাজ ৰোধ কৰি শান্তি আৰু প্ৰগতিৰে এখন সুস্থ সৱল সমাজ গঢ়ি তোলা, স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা, কৃষিখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, ৰাইজৰ মৌলিক সমস্যা সমূহ সঠিকভাৱে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহৰ ওচৰত উপস্থাপন কৰা।
শেহতীয়াভাৱে ১ অক্টোবৰ/২০২০ তাৰিখৰ পৰা ‘জনসেৱা লাইভ’ নামৰ এটি ৱেব প’ৰ্টেল আৰম্ভ কৰা হৈছে, যিটোৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ লগতে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় খবৰো ৰাইজক জনোৱাৰ প্ৰয়াস কৰা হৈছে। এই প’ৰ্টেলটোৰ জৰিয়তে সমাজত তথা বিভিন্ন দিশত চলি থকা দুৰ্নীতি আৰু অনিয়ম সমূহ ৰাইজৰ আগত উদঙাই দিয়াৰ চেষ্টা কৰা হ’ব। উদীয়মান যুৱক-যুৱতী সকলক বিভিন্ন ক্ষেত্ৰত উৎসাহ উদ্দীপনা তথা তেওঁলোকৰ কৰ্মৰাজীসমূহ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব।