পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, June 1, 2022

পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি

পলাশবাৰী চৰাঞ্চলত ছলাৰ লাইট বিতৰণৰ নামত গাঁওপ্ৰধানৰ অবাধ দুৰ্নীতি

গাঁও প্ৰধান হজৰত আলীৰ ছয়গাঁও সমষ্টিৰ বাসগৃহগাঁও 

ছয়গাঁও, ২ জুন : চৰাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি আঁচনিৰ জৰিয়তে চৰাঞ্চলৰ ৰাইজৰ মাজত ছ’লাৰ লাইটৰ ব্যৱস্থা কৰিছে৷  কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই অভিলাষী আঁচনিখন এতিয়া একাংশ লোকৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে ৷ ৰাজ্যৰ কেইবাটাও চৰৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কেইবাটাও চৰৰ নামত ছ’লাৰ লাইট আৱণ্টন হৈছিল ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা  বণিয়াপাৰা গাঁও খনৰ দুই এটা পৰিয়ালে চৰত পাম খাই আছে যদিও বহু সংখ্যক পৰিয়াল ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ উত্তৰ পাৰে বসবাস কৰি আছে ৷ কিন্তু এই বণিয়াপাৰা গাঁওখন চৰত থকা দেখুৱাই কুৰিটাৰো অধিক পৰিয়ালৰ নামত আৱণ্টন কৰা হয় ছ’লাৰ লাইট ৷ বিদ্যুৎ বিভাগৰ জৰিয়ত ৰূপায়ণ কৰা এই বিনামূলীয়া ছ’লাৰ লাইটৰ আঁচনিখন সফল ৰূপায়ণ কৰাৰ বাবে স্থানীয় গাঁও প্ৰধান সকলোক জড়িত কৰোৱা হৈছিল ৷ কিন্তু পলাশবাৰী সমষ্টিৰ লাট গাঁওবুঢ়া হজৰত আলীয়ে অৰ্থাৎ বণিয়াপাৰা অঞ্চলত ছ’লাৰ লাইটৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত গাঁও প্ৰধান গৰাকীয়ে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগমতে গাঁও প্ৰধান গৰাকীয়ে বণিয়াপাৰাত বাস কৰা লোক সকলক ছ’লাৰ লাইট সমূহ দিয়াৰ সলনি ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ দক্ষিণ দিশে বাস কৰা প্ঘৰত বিদ্যুৎ সংযোগ থকা লোক সকলকহে ছ’লাৰ লাইট সমূহ দিছে ৷ আন এক গুৰুতৰ অভিযোগমতে এই সমূহ বিনামূলীয়া ছ’লাৰ লাইট দিয়াৰ নামত গাঁও প্ৰধান গৰাকীয়ে প্ৰতিটো পৰিয়ালৰ পৰা তিনি হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ লগতে যাতায়ত খৰচৰ নামতো দুশ টকাকৈ সংগ্ৰহ কৰিছে ৷ এই ধন লোৱা সমস্ত প্ৰক্ৰিয়াটোত মালী উপাধিৰ এজন লোকো জড়িত হৈ আছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে প্ৰথম অবস্থাত ছ’লাৰ লাইট সমূহ বণিয়াপাৰা গাঁৱৰ চৰত থকা পাম ঘৰত সংযোগ কৰাৰ লগতে চৰৰ আন আন বাসিন্দাৰ ঘৰত সংযোগ কৰিছিল। কিছুদিন পিচত ছ’লাৰ সমূহ পুনৰ বণিয়াপাৰা গাঁৱত সংযোগ কৰে ৷ ইফালে ছ’লাৰ লাইট দিয়াৰ নামত এই দুৰ্নীতিৰ বিষয়ে স্থানীয় কেইবাগৰাকী সাংবাদিকে অনুসন্ধান চলাই থকাৰ বিষয়ে জানিব পাৰি গাঁও প্ৰধান হজৰত আলী আৰু মালী উপাধিৰ দালাল গৰাকীয়ে পৰিয়ালবোৰৰ ঘৰলৈ গৈ সাংবাদিক আহিলে এই ক্ষেত্ৰত একো প্ৰকাশ নকৰিবলৈ কৈ ফুৰিছে বুলি জানিব পৰা গৈছে ৷ তাতোকৈ ডাঙৰ কথা হ’ল কেইবাটাও পৰিয়ালে সাংবাদিক যোৱাৰ ভয়ত নিজ নিজ ঘৰত লগোৱা ছ’লাৰ লাইট সমূহো খুলি লৈ তেওঁলোকৰ ঘৰৰ পৰা লাইটবোৰ খুলি চৰত থকা  পাম ঘৰৰ লগতে চৰৰ আন পৰিয়ালৰ ঘৰত লগাইছে বুলিও জানিব পৰা গৈছে ৷ এনেদৰে চৰাঞ্চলৰ ৰাইজৰ বাবে আৱণ্টন দিয়া ছ’লাৰ লাইট চৰত ঘৰ নথকা লোকে পোৱা বুলি চৰটোৰ আন আন বাসিন্দা সকল ক্ষোভিত হৈ পৰিছে ৷ এই সমস্ত দুৰ্নীতিৰ নায়ক গাঁও প্ৰধান হজৰত আলী আৰু মালী উপাধিৰ দালাল গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন লোক সকলে দাবী জনাইছে ৷ উল্লেখযোগ্য যে এই গৰাকী গাঁও প্ৰধানৰ বিৰুদ্ধে এন আৰ চিৰ সময়তো বিভিন্ন লোকক ভুৱা নথি পত্ৰ দিয়াৰ নামত অবাধ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উল্লেখযোগ্য যে পলাশবাৰী সমষ্টিৰ এইগৰাকী দুৰ্নীতি পৰায়ণ গাঁওপ্ৰধান নিজ এলেকাত থকাৰ পৰিবৰ্তে ছয়গাঁও সমষ্টিত হে বাস কৰে। যাৰফলত বণিয়াপাৰা অঞ্চলৰ সাধাৰণ ৰাইজ গাঁওপ্ৰধান ক লগ কৰাৰ বাবে বহু দূৰ আহিব লগা হয়। তদুপৰি তেওঁ সকলো কাম 'দেৱানী ষ্টাইল'ত সম্পাদন কৰে বুলি অভিযোগ আছে।
 

Post Bottom Ad

Responsive Ads Here