কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, June 16, 2023

কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ

 কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্দ্ধনা কুকুৰমাৰা গাঁওপ্ৰধানৰ

'জনসেৱা লাইভ', ১৬ জুন : দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুকুৰমাৰা ৰাজহ গাঁৱৰ গাঁওপ্ৰধান জনক দাসে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনায়। অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ কুকুৰমাৰা অঞ্চলত সঘনাই চলি থকা উচ্চস্বৰত ছাউণ্ড চিষ্টেম আৰু বাল্য বিবাহৰ ওপৰত আলোচনা সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক ডাকেশ্বৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে গাঁও প্ৰধান জনক দাসে। ৫৮০ নং কুকুৰমাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত জেষ্ঠ সাংবাদিক তথা লোক সংস্কৃতিৰ গৱেষক সুকুমাৰ মেধি, অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষা দীপা হাজৰিকা, সাংবাদিক ধীৰাজ কুমাৰ দাস, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ষ্টেডী এন চাংমাই অভিনন্দন সভা আৰু অন্যান্য বিষয় সন্দৰ্ভত বিতংকৈ আলোচনা আগবঢ়ায়। অনুষ্ঠানত কুকুৰমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰলা দেৱী, পঞ্চায়ত সচিব দ্বীপজ্যোতি সন্দিকৈ, সাংবাদিক বিশ্বজিৎ দাস, সমল শিক্ষক নয়ন দাস, গাঁও উন্নয়ন সমিতিৰ সভাপতি সত্য দাস, সম্পাদক কৰ্মেশ্বৰ দাস প্ৰমুখে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ৬০ গৰাকী ছাত্ৰ -ছাত্ৰীক বিভিন্ন আত্মসহায়ক গোটৰ পৰা গামোচা আৰু গাঁও প্ৰধানৰ পৰা অভিনন্দন পত্ৰ প্ৰদান কৰে।

Post Bottom Ad

Responsive Ads Here