যোগ দিৱস উপলক্ষে অহা ২০ জুনত শুৱালকুছিত অনুষ্ঠিত হ’ব জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, June 17, 2023

যোগ দিৱস উপলক্ষে অহা ২০ জুনত শুৱালকুছিত অনুষ্ঠিত হ’ব জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা

 যোগ দিৱস উপলক্ষে অহা ২০ জুনত শুৱালকুছিত অনুষ্ঠিত হ’ব জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা


কামৰূপ, আমিনগাঁও ১৭ জুনঃ অহা ২১ জুনত শুৱালকুছি গান্ধী মণ্ডপত (ভূপেন হাজৰিকা মঞ্চৰ সন্মুখত) অনুষ্ঠিত হবলগীয়া নৱম আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে প্ৰস্তুতি ক্ষিপ্ৰতাৰে চলাই থকা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত, কামৰূপৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় আৰু আয়ুস অভিযান, অসমৰ সহযোগত অনুস্থিত হবলগীয়া যোগ দিৱসৰ কাৰ্য্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কামৰূপ জিলাৰ উপায়ুক্তই ইতিমধ্যে এখন সমিতি গঠন কৰি দিছে ৷ উক্ত সমিতিৰ দ্বিতীয়খন বৈঠক যোৱাকালি শুৱালকুছি পৰিদৰ্শন বঙলাত অনুস্থিত হয় ৷ কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ অধ্যক্ষতাত অনুস্হিত সভাত কামৰূপৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ মহিতোষ বেনাৰ্জী, আয়ুসৰ জিলা নোডেল বিষয়া ড০ অৰবিন্দ দাস, শুৱালকুছি মহাত্মা গান্ধী চিকিৎসালয়ৰ উপ অধীক্ষক ড০ কাৰ্ত্তিক চন্দ্ৰ মেধি, শুৱালকুছি পি এইচ চি ৰ মহকুমা স্বাস্থ্য বিষয়া ড০ দীপক চন্দ্ৰ দাস, জিলা টীকাকৰণ বিষয়া ড০ যুগল দাস, আয়ুসৰ প্ৰতিনিধি বিষয়া মানস গগৈ, কামৰূপ জিলা প্ৰশাসনৰ কৰ্মচাৰী, জিলা তথ্য বিভাগৰ কৰ্মচাৰী প্ৰমুখ্যে শুৱালকুছিৰ স্থানীয় ৰাইজ উপস্থিত থাকে ৷ সভাত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰা হয় ৷ যোগ দিৱসৰ দিনা অসমৰ ভিতৰত আদৰ্শ গাঁও হিচাপে কামৰূপৰ শুৱালকুছিৰ যোগস্থলীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোনপটীয়া যোগ কাৰ্যক্ৰমণিকাৰ প্ৰত্যক্ষ সম্প্ৰচাৰণ কৰা হব ৷ ইয়াৰ উপৰি যোগ দিৱস উপলক্ষে ২০ জুনত শুৱালকুছিত জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা অনুস্থিত হ’ব ৷ চাৰিটা শাখাত অনুস্থিত হবলগীয়া প্ৰতিযোগিতাৰ শাখা চাৰিটা ক্ৰমে ক-শাখা ০ পৰা ১০ বছৰ, খ-শাখা ১১ পৰা ১৮ বছৰ, গ-শাখা ১৯ ৰ পৰা ৩৫ বছৰ আৰু ঘ-শাখা ৩৬ বছৰৰ উৰ্দ্ধত ৷ এই প্ৰতিযোগিতা পুৱা ৯ বজাত শুৱালকুছি মাজতোল বালিচৰত (ভূপেন হাজৰিকা মঞ্চৰ সমীপত) অনুস্থিত হব ৷ সবিশেষ জানিবলৈ প্ৰতিযোগী সকলে ৮০১১১০২৭৭২/ ৮৬৩৮০৪৫৩৮৬  নম্বৰ মবাইলত যোগাযোগ কৰিব পাৰিব ৷ সভাৰ শেষত উপস্থিত সকলোৱে যোগ দিৱস অনুষ্ঠিত হবলগীয়া স্থলী পৰিদৰ্শন কৰি সকলো কামৰ বুজ লয়। কামৰূপ জিলা প্ৰশাসনৰ পৰা যোগ দিবসৰ সকলো কাৰ্যসূচীতে বিদ্যালয়, মহাবিদ্যালয়ৰ, শিক্ষক-শিক্ষয়িত্ৰী, ছাএ-ছাত্ৰী, সকলো বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু সমুহ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Post Bottom Ad

Responsive Ads Here