যক্ষ্মা দিৱস উপলক্ষে ৰঙিয়াত অনুষ্ঠিত হ’ল বিশেষ সজাগতা সভা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, March 24, 2023

যক্ষ্মা দিৱস উপলক্ষে ৰঙিয়াত অনুষ্ঠিত হ’ল বিশেষ সজাগতা সভা

যক্ষ্মা দিৱস উপলক্ষে ৰঙিয়াত অনুষ্ঠিত হ’ল বিশেষ সজাগতা সভা
কামৰূপ, আমিনগাওঁ, ২৪ মাৰ্চঃ আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰঙিয়া চহৰৰ পৰা ৰঙিয়া সংগম সংঘলৈ যক্ষ্মা ৰোগৰ সজাগতাৰ ওপৰত এক শোভাযাত্ৰা উলিওৱা হয়। ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী, অন্যান্য স্বাস্থ্য কৰ্মী, নিবেদিতা একাডেমী, ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰঙিয়া প্ৰয়াস ওৱেলফাৰ চোচাইটি আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা উদ্বোধন কৰে  কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়ে। ইয়াৰ উপৰি দিনৰ ১১ বজাত ৰঙিয়া সংগম সংঘৰ প্ৰাঙ্গণত প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ প্ৰদীপ কুমাৰ মজুমদাৰৰ সভাপতিত্বত এখন সজাগতাৰ সভা অনুষ্ঠিত হয়। ডাঃ অমিয় কুমাৰ দাসে  আদৰণি ভাষণ প্ৰদান কৰা উক্ত সভাত যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ভয়ৱহতা সম্পৰ্কে কামৰূপ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী আৰু ডাঃ অমিয় কুমাৰ দাসে বহলাই ব্যখ্যা কৰে। উল্লেখ্য যে উক্ত সভাত ডাঃ নয়নজ্যোতি কাকতি, ডাঃ জোনাকী ডেকা, ডাঃ দিপাংকৰ চেতিয়াৰ উপৰি ৰঙিয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক জয়শ্ৰী শৰ্মাইও যক্ষ্মাৰোগৰ ভয়ৱহতা আৰু সজাগতাৰ ওপৰত ভাষণ প্ৰদান কৰে। উক্ত সভাত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই উপস্থিত থাকি যক্ষ্মাৰোগ নিৰাময়ৰ দিশত লবলগীয়া সাৱধানতা ইত্যাদিৰ বিষয়ে আলোকপাত কৰে।


 

Post Bottom Ad

Responsive Ads Here