স্বাস্থ্য মন্ত্ৰীৰ তুলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, October 14, 2022

স্বাস্থ্য মন্ত্ৰীৰ তুলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন

 স্বাস্থ্য মন্ত্ৰীৰ তুলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন

আমিনগাঁও, ১৪ অক্টোবৰঃ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে আমিনগাঁওস্থিত তুলাৰাম বাফনা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হাস্পতালখনে  আগবঢ়াই অহা বিভিন্ন সেৱা সমূহৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে হাস্পতালখনৰ কৰ্তব্যৰত জেষ্ঠ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলৰ সৈতে মত-বিনিময় কৰে। তেখেতে লগতে হাস্পতালখনৰ নিৰ্মীয়মান নতুন ভৱনৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। মন্ত্ৰী গৰাকীয়ে নিৰ্মাণৰ লগত জড়িত কৰ্তৃপক্ষক এই নিৰ্মাণ কাৰ্য নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে যাতে এই হাস্পতালখনৰ স্বাস্থ্য সেৱা আৰু অধিক সূচল কৰি তুলিব পৰা যায়। মন্ত্ৰী গৰাকীয়ে হাস্পতালখন পৰিদৰ্শনৰ সময়ত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক, হাস্পতালখনৰ অধীক্ষকৰ লগতে সংশ্লিষ্ট বিভাগৰ জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
Attachments area


Post Bottom Ad

Responsive Ads Here