গণিত আৰু বিজ্ঞানৰ শিক্ষক সকলৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত শিক্ষা মন্ত্ৰী
দিশপুৰ ১৪ অক্টোবৰ : অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্য খনৰ বিদ্যালয় সমূহৰ শিক্ষক সকলক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটী আই.আই.টি.ত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক সকলৰ পাঁচ দিনিয়াকৈ অনুষ্ঠিত হোৱা আবাসিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু। মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাগুৰু সকলক আনুষ্ঠানিক ভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে এই প্ৰশিক্ষণ শিবিৰত মৰিগাওঁ আৰু কামৰূপ জিলাৰ পৰা ২০০ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে শিক্ষা বা ডিগ্ৰী গ্ৰহণ কৰাৰ কোনো বয়স বা নিৰ্দিষ্ট সময় নাই। ই এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া। মানুহ হিচাপে আমি জন্মৰ পৰা মৃত্যুৰ সময়লৈকে বিভিন্ন স্তৰত বিভিন্ন শিক্ষা গ্ৰহণ কৰি যাওঁ। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটি আই.আই.টিৰ লগত ৰাজ্য খনৰ ২০০০ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকক এই প্ৰশিক্ষণ দিয়াৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে আৰু পৰ্যায়ক্ৰমে এই ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি যাব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ আন আন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান সমুহৰ লগত আহি থকা দিন সমুহত শিক্ষক সকলক সেই অনুষ্ঠান সমূহৰ সহযোগত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। মন্ত্ৰী গৰাকীয়ে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে আই.আই.টিৰ বিষয়ববীয়া সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আহি থকা দিন সমূহত শিক্ষা বিভাগক আৰু অধিক টনকিয়াল কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত আই.আই.টি.ৰ ডিন পি.কে.আয়াৰ আৰু এছ.চি.ই.আৰ.টিৰ সঞ্চালক নিৰদা দেৱীও উপস্থিত থাকে।