কামৰূপ জিলাত লটাৰী খেলৰ ওপৰত নিষেধাজ্ঞা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, October 5, 2024

কামৰূপ জিলাত লটাৰী খেলৰ ওপৰত নিষেধাজ্ঞা

 কামৰূপ জিলাত লটাৰী খেলৰ ওপৰত নিষেধাজ্ঞা

কামৰূপ, আমিনগাঁও, ৫ অক্টোবৰঃ* কামৰূপ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই যোৱা ৪ অক্টোবৰত এক নিৰ্দেশ যোগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি.এন.এচ.এচ.) ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে জিলাখনত যিকোনো প্ৰকাৰৰ অনলাইন বা অফলাইন লটাৰী, উপহাৰ কুপন প্ৰদানৰ জৰিয়তে জুৱা খেল অনুষ্ঠিত কৰা, লটাৰীৰ টিকেট/উপহাৰ কুপন বিতৰণ বা ক্ৰয় কৰা, ব্যক্তি বা সংগঠনৰ দ্বাৰা যিকোনো প্ৰকাৰৰ লটাৰী সংক্ৰান্তীয় খেল অনুষ্ঠিত কৰাৰ কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখ্য যে লটাৰীজ ৰেগুলেশ্যন এক্ট, ১৯৯৮ আৰু লটাৰীজ ৰেগুলেশ্যন ৰুলচ, ২০১০ৰ উলংঘনৰে কামৰূপ জিলাত বিভিন্ন সংগঠন বা ব্যক্তিৰ উদ্যোগত অনলাইন বা অফলাইন লটাৰী, উপহাৰ কুপনৰ জৰিয়তে জুৱা অনুষ্ঠিত হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি তথা  আগন্তুক উৎসৱৰ বতৰত বহুঠাইত এনে অবৈধ অনলাইন বা অফলাইন লটাৰী বা উপহাৰ প্ৰদানৰ নামত জুৱা খেল অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনীয়তা থকাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এনে লটাৰী বা জুৱাৰ দ্বাৰা অসাধু চক্ৰই বেআইনী কাৰ্যকলাপ সংঘটিত কৰাৰ সম্ভাৱনীয়তা থকাৰ প্ৰতি লক্ষ্য ৰাখি তথা এনে অবৈধ লটাৰী টিকেট বা উপহাৰ কুপনৰ বিক্ৰীয়ে ৰাজহুৱা শান্তি আৰু শৃংখলাত ব্যাঘাত কৰিব পৰা ঘটনা প্ৰতিহত কৰাৰ বাবে এই নিৰ্দেশনাৱলী জাৰি কৰা হৈছে।  একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেজন ২৯/২০২৪ ত লটাৰীজ ৰেগুলেশ্যন এক্ট, ১৯৯৮ আৰু লটাৰীজ ৰেগুলেশ্যন ৰুলচ, ২০১০ৰ প্ৰসংগ উল্লেখ কৰি কেৱল ৰাজ্য চৰকাৰেহে কেতবোৰ নিৰ্দিষ্ট চৰ্তসাপেক্ষে লটাৰী অনুষ্ঠিত কৰিব পাৰে আৰু ৰাজ্য চৰকাৰক অন্য কোনো ব্যক্তি বা সংগঠনক অনলাইন বা অফলাইন লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰিবলৈ নিৰ্দেশ দি জাৰি কৰা ৰায়ৰ ভিত্তিত এই কামৰূপ জিলাৰ জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা আৰোপ কৰিছে।এই নিৰ্দেশনাৰ উলংঘাকাৰী আইনৰ প্ৰযোজ্য ধাৰা অনুসৰি দণ্ডনীয় হ’ব বুলি আদেশটোত কোৱা হৈছে।

Post Bottom Ad

Responsive Ads Here