ছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিক্ষোভ :: স্মাৰক পত্ৰ প্ৰদান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, July 14, 2022

ছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিক্ষোভ :: স্মাৰক পত্ৰ প্ৰদান

ছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিক্ষোভ :: স্মাৰক পত্ৰ প্ৰদান

ছয়গাঁও, ১৪ জুলাই :  সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত নিৰ্মাণ শ্ৰমিকৰ বকেয়া আদায় দিয়া, কল্যাণ পৰিষদত হোৱা দুৰ্নীতিৰ ন্যায়িক তদন্তৰ দাবীত আজি ছয়গাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । ছয়গাঁও তামোল বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে "নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰক", "নিৰ্মাণ শ্ৰমিক কল্যাণ পুঁজি নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ হকে খৰচ কৰক", "ভুৱা নিৰ্মাণ শ্ৰমিক পঞ্জীয়ন বন্ধ কৰক" আদি বিভিন্ন শ্লোগান দি সমদল কৰি  প্ৰতিবাদকাৰী সকলে ছয়গাঁওস্থিত শ্ৰম পৰিদৰ্শক কাৰ্যালয়লৈ আহে।  প্ৰতিবাদকাৰী সকলে  শ্ৰম পৰিদৰ্শকৰ অনুপস্থিতিত কাৰ্যালয়ৰ  কৰ্মচাৰীৰ হাতত প্ৰদান কৰি তেওঁলোকৰ দাবী সম্বলীত  স্মাৰক পত্ৰখন অসম গৃহ আৰু অন্যান্য নিৰ্মান শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ প্ৰেৰণ কৰে । স্মাৰক পত্ৰৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকৰ ২০২০ চনৰ পৰা পাবলৈ বাকী থকা সকলো বকেয়া শীঘ্ৰে আদায় দিয়া আৰু শ্ৰম পৰিদৰ্শক তথা পঞ্জীয়ন কাৰ্যালয়ৰ ২০২১  চনৰ পৰা পঞ্জীয়নৰ নামত হৈ থকা জটিলতা দুৰ কৰাৰ বাবে দাবী জনায়।

 

Post Bottom Ad

Responsive Ads Here