বানৰ ক্ষয়-ক্ষতিৰ প্ৰস্তাৱৰ অনুমোদনাৰ্থে অভিভাৱক মন্ত্ৰী পাটোৱাৰীৰ উপস্থিতিত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠক
কামৰূপ আমিনগাঁও ১৩ জুলাই : আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলাৰ বিধায়কদ্বয় ক্ৰমে ভৱেশ কলিতা, নন্দিতা দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা জিলা দুৰ্যোগ প্ৰাধিকৰণৰ তৃতীয়খন বৈঠকত শেহতীয়া বানপানীৰ ফলত জিলাখনত হোৱা ব্যক্তিগত তথা প্ৰতিষ্ঠানগত আন্তঃগাথনি সমূহৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ প্ৰস্তাৱ সমূহৰ পৰ্যালোচনা কৰাৰ উপৰি নীতিগত ভাৱে এই সমূহত অনুমোদন জনোৱা হয়। বৈঠকৰ আৰম্ভণিতে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে যোৱা ১ জুলাই তথা ৮ জুলাইত অনুষ্ঠিত হোৱা জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠকত প্ৰায় ৮০ শতাংশ প্ৰস্তাৱত নীতিগত অনুমোদন জনোৱাৰ উপৰি আজিৰ বৈঠকত বাকী থকা প্ৰায় ২০ শতাংশ ক্ষয়-ক্ষতিৰ প্ৰস্তাৱৰ অনুমোদন জনোৱা হব বুলি কয়। তদুপৰি তেখেতে বানত ক্ষতিগ্ৰস্ত গৃহৰ তালিকা ৰাজহুৱা স্থানত জনসাধাৰণৰ জ্ঞাতাৰ্থে আৰি দিয়া, ওজৰ-আপত্তি দাখিলৰ বাবে ড্ৰপ বক্স স্থাপনৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও অভিভাৱক মন্ত্ৰী গৰাকীক অৱগত কৰে। তেওঁ লগতে বানাক্ৰান্ত সৰ্বমুঠ ৮৭৯৯ টা পৰিয়ালক বাচন-বৰ্তন তথা কাপোৰ ক্ৰয়ৰ শিতানত ৩৮০০ টকাকৈ ইতিমধ্যে প্ৰদান কৰা, জিলাখনৰ বানত ক্ষতিগ্ৰস্ত ২২০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক ১০০০ টকাকৈ প্ৰদানৰ তালিকা প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিলৰ প্ৰক্ৰিয়া ইত্যাদিৰ বিষয়েও অৱগত কৰে। বৈঠকত জিলাখত সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত কৃষক, শষ্য ভূমি, মীনপালন ক্ষেত্ৰৰ ক্ষয়-ক্ষতি তথা অন্যান্য প্ৰতিষ্ঠানৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ সৱিশেষ সামৰি এক প্ৰেজেন্টেশ্যন প্ৰদান কৰা হয়। বৈঠকত বক্তব্য প্ৰদান কৰি পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পশু ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চল সমূহত পশু চিকিৎসা শিৱিৰ তাৎক্ষণিকভাৱে আয়োজন কৰাৰ পদক্ষেপ লবলৈ পশু চিকিৎসা বিভাগক নিৰ্দেশ দিয়াৰ উপৰি কৃষক সকললৈ উপযুক্ত কঠিয়া প্ৰদানৰ পদক্ষেপৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা বানাক্ৰান্ত অঞ্চল সমূহত অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰ সমূহৰ বিষয়েও বুজ লয়। মন্ত্ৰী গৰাকীয়ে লগতে কামৰূপ জিলাত কভিডৰ সময়ৰে পৰা সাম্প্ৰতিক বান পৰিস্থিতি মোকাবিলা কৰাৰ দিশত উপায়ুক্ত কৈলাশ কাৰ্তিক এনে লোৱা সক্ৰিয় ভুমিকাৰ শলাগ লয়। বৈঠকত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী, চক্ৰ বিষয়া সকল, অতিৰিক্ত আয়ুক্ত সকলৰ উপৰি জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া সকলে অংশ গ্ৰহণ কৰে।