দক্ষিণ কামৰূপ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ দ্বি-বাৰ্ষিক সন্মিলন সম্পন্ন
দক্ষিণ কামৰূপ ১৭ জূলাই : সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ অধিনৰ দক্ষিণ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক সম্মিলনখন আজি ছয়গাঁৱৰ গোৱৰ্ধন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা ইউনিয়নৰ জিলা সভানেত্ৰী লাৱণ্য দাসে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ পতাকা আৰু চি আই টি ইউ নেতা হিতেশ দাসে চি আই টি ইউৰ পতাকা উত্তোলনেৰে সন্মিলনৰ দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে লাৱণ্য দাস , চুণিমা ৰাভা আৰু বিউটি দাসেৰে গঠিত সভাপতি মণ্ডলীয়ে আজিৰ সন্মিলনৰ সভাখন পৰিচালনা কৰে। সভাত চি আই টি ইউৰ নেতা হিতেশ দাস আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ৰাজ্যিক সহকাৰী সম্পাদিকা ভণিতা পাঠক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। সভাত ৰন্ধন কৰ্মীক কামৰ নিৰাপত্তা প্ৰদান কৰা, বকেয়া মাননি শীঘ্ৰে আদায় দিয়া, ৰন্ধন কৰ্মী সকলক মাননিৰ সলনি বছৰটোৰ বাৰ মাহৰ বাবে মজুৰি দিয়া, মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগত কৰণ প্ৰক্ৰিয়া বন্ধ কৰা, ৰন্ধন কৰ্মী সকলক অৱসৰৰ পিছত এককালীন সাহাৰ্য প্ৰদান কৰাৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে। সন্মিলনত আগন্তুক তিনি বছৰৰ বাবে লাৱণ্য দাসক সভাপতি, পবিত্ৰ পাঠকক সম্পাদক আৰু কনকলতা দাসক কোষাধ্যক্ষ হিচাপে লৈ নতুন কমিটিখন গঠন কৰে।