কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত গছপুলি ৰোপণ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, July 18, 2022

কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত গছপুলি ৰোপণ

 কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত  গছপুলি ৰোপণ

কামৰূপ আমিনগাঁও, ১৮ জুলাই :  মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধিনত আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, মুনমী কলিতাৰ লগতে সংহত উপায়ুক্ত কাৰ্যালয় চৌহদৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই কাৰ্যসূচী অহা ১৫ আগষ্টলৈ চলি থাকিব। ইয়াৰ অধিনত ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, পৰিষদ, স্থানীয় নিগম-নিকায়, স্বায়ত্ত শাসিত পৰিষদ পঞ্জীয়নভূক্ত ছ’চাইটি, শিক্ষানুষ্ঠান সমূহকে ধৰি ৮০ হাজাৰৰো অধিক প্ৰাতিষ্ঠানিক চৌহদ সমৰি লোৱা হ’ব। এই পদক্ষেপৰ জৰিয়তে ব্যপক গছপুলি ৰোপণ কৰি কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, অধিক সেউজ আৱৰণ বৃদ্ধিৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধিৰে শ্যামলী চৌহদ গঢ়িতোলা, জলাবায়ু পৰিৱৰ্তন ৰোধত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতাৰ সৃষ্টি কৰা ইত্যাদি লক্ষ্য সমূহ পূৰণৰ পদক্ষেপ লোৱা হৈছে।
Attachments area


Post Bottom Ad

Responsive Ads Here