কামৰূপ জিলাত অৰুণোদয় ৩.০ ৰ কামৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, May 20, 2025

কামৰূপ জিলাত অৰুণোদয় ৩.০ ৰ কামৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

 কামৰূপ জিলাত অৰুণোদয় ৩.০ ৰ কামৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

কামৰূপ, আমিনগাঁও, ২০ মেঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত অৰুণোদয় ৩.০ ৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত অৰুণোদয় ৩.০ ৰ অধীনত কামৰূপ জিলাৰ ১,৬৬,৩৮০ গৰাকী হিতাধিকাৰীক সামৰি লোৱাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই লক্ষ্যত উপনীত হোৱাৰ দিশত অতিকৈ গুৰুত্বপূৰ্ণ হিতাধিকাৰীৰ আবেদন পত্ৰ ডিজিটাইজেশ্যনৰ ক্ষেত্ৰত জিলাখনত উন্নয়ন খণ্ড পৰ্যায়ত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত উপস্থিত থকা সকলো খণ্ড উন্নয়ন বিষয়াক প্ৰ-পত্ৰ ডিজিটাইজেশ্যনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত ৩০ মে’ৰ ভিতৰত সকলোখিনি প্ৰ-পত্ৰ যাতে ডিজিটাইজ কৰি তোলা হয় তাৰ বাবে গুৰুত্বসহকাৰে কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ লগতে অৰুণোদয় ৩.০ ৰ ৰূপায়নৰ বাবে থকা ডি আই ডি এছ প’ৰ্টেলত হিতাধিকাৰীৰ তথ্য আপলোডৰ সময়ত তথ্যৰ শুদ্ধতা নিশ্চিত কৰা, এটা পৰিয়ালৰ পৰা যাতে এজনতকৈ অধিক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তি নহয় আদি দিশসমূহতো নজৰ ৰাখিবলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগতে সাংসদ- বিধায়কসকলৰ প্ৰতিনিধিসকল উপস্থিত থকা বৈঠকত প্ৰথমেই অৰুণোদয় ৩.০ ৰ অধীনত কামৰূপ জিলাত চলি থকা কামৰ অগ্ৰগতিৰ ওপৰত ব্যাখ্যা আগবঢ়ায় কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই। বৈঠকত ৰঙিয়া সম-জিলাৰ সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম চৌধুৰী, বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

Post Bottom Ad

Responsive Ads Here