কামৰূপ জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সভা
কামৰূপ, আমিনগাঁও ৪ জুনঃ অহা ২১ জুনত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো উদযাপিত হ’বলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতিৰ অংশস্বৰূপে আজি কামৰূপ জিলাৰ সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উল্লেখ্য যে কামৰূপ জিলাত জিলা প্ৰশাসন, কামৰূপৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় আৰু আয়ুস অভিযান, কামৰূপৰ যুটীয়া উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব। আজি এই উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই যোগ দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰাৰ উপৰিও জিলাখনৰ সকলো শিক্ষানুষ্ঠান, পৌৰ কাৰ্যালয়, চিকিৎসা প্ৰতিষ্ঠান, গাঁও পঞ্চায়তৰ কাৰ্যালয়সমূহতো যাতে সকলোৰে অংশ গ্ৰহণৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে যোগ দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলাখনত চাৰিটা শাখাত ক্ৰমে ১০ বছৰৰ পৰ্যন্ত, ১০ৰ পৰা ১৮ বছৰ, ১৮ৰ পৰা ৩৫ বছৰ আৰু ৩৫ বছৰৰ উৰ্ধৰ শাখাত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। কামৰূপ জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জিলা পৰ্যায়ৰ মূল কাৰ্যসূচী মিৰ্জাৰ শ্বহীদ ভৱনত অনুষ্ঠিত হ’ব। তদুপৰি অশ্বক্লান্ত দেৱালয় আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। সভাত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্ত সকল ক্ৰমে মুনমী কলিতা, প্ৰাণজিত কুমাৰ দেৱৰ লগতে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী, যোগ গুৰুকুল গুৱাহাটী, অশ্বক্লান্ত মন্দিৰ সমিতিৰ প্ৰতিনিধিবৰ্গৰ উপৰিও শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, লোকনিৰ্মাণ আদি বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।