পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলাত মনোনয়ন গ্ৰহণৰ বাবে ৩৮ গৰাকী প্ৰাধিকৃত বিষয়া নিয়োগ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, April 7, 2025

পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলাত মনোনয়ন গ্ৰহণৰ বাবে ৩৮ গৰাকী প্ৰাধিকৃত বিষয়া নিয়োগ

 পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলাত মনোনয়ন গ্ৰহণৰ বাবে ৩৮ গৰাকী প্ৰাধিকৃত বিষয়া নিয়োগ


কামৰূপ, আমিনগাঁও ৭ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলাই নিয়াৰ বাবে বিভিন্ন পৰ্যায়ত মুঠ ৩৮ গৰাকী প্ৰাধিকৃত বিষয়া নিয়োগ কৰিছে। ইয়াৰে ভিতৰত কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২০ টা জিলা পৰিষদ সমষ্টিৰ পৰা সদস্য পদৰ মনোনয়ন পত্ৰ প্ৰদান আৰু গ্ৰহণৰ বাবে ৪ গৰাকী প্ৰাধিকৃত বিষয়া নিয়োগ কৰা হৈছে। সেই অনুসৰি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে কামৰূপৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ তৃতীয় মহলাস্থিত তেওঁৰ কাৰ্যালয়ত ৬ নং নগৰবেৰা ছমৰীয়া সত্ৰ, ৭ নং বকো, ৮ নং বেকেলি, ৫ নং বনগাঁও আৰু ১৪ নং ২ নং পঞ্চতীৰ্থ জিলা পৰিষদ সমষ্টিৰ বাবে, কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত প্ৰাণজিত কুমাৰ দেৱে সংহত জিলা কাৰ্যালয়ৰ প্ৰথম মহলাস্থিত কক্ষ নং- 1 N ত ১ নং মাহতলী, ৪ নং পূব ছমৰীয়া, ১৩ নং ১ নং পঞ্চতীৰ্থ, ৩ নং গৰৈমাৰী আৰু ২ নং সোণতলী টুপামাৰী জিলা পৰিষদ সমষ্টিৰ বাবে, কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত মুনমী কলিতাই সংহত জিলা কাৰ্যালয়ৰ দ্বিতীয় মহলাস্থিত কক্ষ নং 2 Aত ১৬ নং শুৱালকুছি, ২৩ নং বেজেৰা- শিঙাৰপাৰা, ২৪ নং শৰাইঘাট কেতেকীবাৰী, ২১ নং বিহদিয়া জাজিকোণা আৰু ২২ নং কমলপুৰ জিলা পৰিষদ সমষ্টিৰ বাবে, কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে সংহত জিলা কাৰ্যালয়ৰ প্ৰথম মহলাস্থিত কক্ষ নং 1M  ত ১১ নং ৰামপুৰ, ১২ নং ছয়গাঁও দক্ষিণ সৰু বংশৰ, ৯ নং বৰদুৱাৰ, ১০ নং ছয়ানী ৰাণী আৰু ১৫ নং ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰিব। আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১১ টা সমষ্টিৰ পৰা সদস্য পদৰ বাবে মনোনয়ন পত্ৰসমূহ গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নুপুৰ বৰাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১৩ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতীৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। বকো আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১১ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ বকোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। বনগাঁও আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৬ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিৰঞ্জিত দাসৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১১ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ কামৰূপৰ সহকাৰী আয়ুক্ত কৃষ্ণেষা বৰাৰ পৰা তেওঁৰ কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাস্থিত কাৰ্যালয় কক্ষৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। ৰামপুৰ আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১০ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ কামৰূপৰ সহকাৰী আয়ুক্ত হিমাংশু শালৈৰ তেওঁৰ কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাস্থিত কাৰ্যালয় কক্ষ (কক্ষ নং 2D) ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। ছয়গাঁও মা চণ্ডিকা আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৬ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। হাজো আঞ্চলিক পঞ্চায়তৰ অধীনৰ ১৩ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আফ্ৰিন হুছেইনৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। শুৱালকুছি আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৯ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) কৃষ্ণ কিশোৰ চহৰীয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। বিহদিয়া জাজিকোণা আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৯ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰমজিত বৰাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। কমলপুৰ আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৬ টা সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) গৌতম ভাস্কৰৰ  কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। বেজেৰা আঞ্চলিক পঞ্চায়তৰ অধীনৰ ৯ টা গাঁও পঞ্চায়ত সমষ্টিৰ পৰা সদস্যৰ বাবে মনোনয়ন পত্ৰসমূহ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি কলিতাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাতেই দাখিল কৰিব পাৰিব। একেদৰে গাঁও পঞ্চায়তৰ অধীনৰ ৱাৰ্ডসমূহৰ পৰা সদস্য পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ প্ৰক্ৰিয়া খণ্ড উন্নয়ন বিষয়াসকলৰ কাৰ্যালয়ত হ’ব। সেই অনুসৰি দক্ষিণ পূব বকো, দক্ষিণ বকো, উত্তৰ বকো, দক্ষিণ পশ্চিম বকো, দক্ষিণ পূব লুকি, পূব বেকেলি, উত্তৰ বেকেলি, পশ্চিম বেকেলি, পূব লুকি, দক্ষিণ লুকি, দক্ষিণ পশ্চিম লুকি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে বকো উন্নয়ন খণ্ডৰ প্ৰাধিকৃত বিষয়া ক্ৰমে সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কলিতা আৰু সহকাৰী অভিযন্তা প্ৰদীপ নাথৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। উত্তৰ দক্ষিণ বনগাঁও, দক্ষিণ বনগাঁও, বামুনীগাঁও, দক্ষিণ পাণ্টান, সাত্তালোক, উত্তৰ পশ্চিম বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া বনগাঁও উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা মানসজ্যোতি দত্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। বৰডাঙেৰীকুছি, মুক্তাপুৰ, বিহদিয়া, লোচ, নগাঁও, জটীয়াভাঙাৰা, লখাইতৰা, বীৰদত্ত, কৰৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বৱনম পাদি আৰু সহকাৰী অভিযন্তা দেৱজিত ডেকাৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। আগডলা, বেজেৰা, ধোপাটাৰী, খেহেনিপাৰা, মান্দাকাটা, ৰুদ্ৰেশ্বৰ, শৰাইঘাট, শিঙাৰপাৰা, টিটকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া বেজেৰা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। বৰছিল, ৰাইপাত, মদাৰতলা, বাইহাটা কমলপুৰ, কেতেকীবাৰী ওখুৰা, গোপেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া কমলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনোজ কুমাৰ বনিয়া আৰু সহকাৰী অভিযন্তা কল্যাণ তালুকদাৰৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব।গুইমাৰা চুলিকটা, দখলা, দহালী ৰজাপুখুৰী বাৰহাণ্টি ৰঙামাটি, বেজাৰতাৰী পানীখাইতী, উপৰহালী, সৰপাৰা, নহিৰা, কোঁচপাৰা, পাৰ্লি হুদুমপুৰ, ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জহিৰুল ইছলাম আৰু সহকাৰী অভিযন্তা প্ৰশান্ত গোস্বামীৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। বগৰিগুৰি, বৰুৱাগাঁও বামুনবাৰী, ভকুৰাদিয়া ৰঙ্গেশ্বৰী, ছমৰীয়া, হেকৰা যোগীপাৰা, কিছমত কাঠামি, মাহতলী, নগৰবেৰা, পিজুপাৰা জামলাই কল্যাণপুৰ, ৰঙাপানী, সোণতলী চৌধুৰীপাম, ত্ৰিলোচন, টুপামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পল্লবী দাস আৰু সহকাৰী অভিযন্তা ধ্ৰুৱজ্যোতি হালৈ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। ৰাজাপাৰা, সতপুৰ, বীৰোগাঁও, হাৰোপাৰা, মালিয়াটা, আমৰঙ্গা, বঙৰা, বাঢ়ন্তি মনিয়েৰি পাৰাকুছি, দক্ষিণ ভোলাগাঁও, ৰাণী, উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া ছয়ানী ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকা আৰু সহকাৰী অভিযন্তা গুণজিত দাস কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। ছয়গাঁও, সাপৰটাৰী মাকেলী কটহী, আমত’লা জীয়াকুৰ, সাতপখলী তেজপুৰ, চম্পকনগৰ, পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া ছয়গাঁও মা চণ্ডিকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিদ্যুত কলিতা আৰু সহকাৰী অভিযন্তা জনাৰ্দন শইকীয়া কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। পূব শুৱালকুছি, বংশৰ, গন্ধমৌ, পশ্চিম শুৱালকুছি, মধ্য শুৱালকুছি, দদৰা, শিঙিমাৰী, পছৰীয়া, লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মিনাক্ষী মহন্ত আৰু সহকাৰী অভিযন্তা কে ইশ্বাৱানী দেৱীৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। কুলহাটী পাঁচগাঁও চেচাঁমুখ, ১ নং হাজো, ২ নং হাজো, কলিতাকুছি, শনিয়াদি, বৰ্ণি, বঙালপাৰা, শ্বহীদ নগেন ডেকা, শ্বহীদ খগেন ভৰালী, ক্ষেত্ৰীহাৰদিয়া, লাহ কয়াতোল হালোগাঁও, দামপুৰ, বামুন্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ আৰু সহকাৰী অভিযন্তা বিকাশ পাটোৱাৰী কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব।  জোৰশিমলু, হাতীশলা ভলুকাবাৰী, ভাউৰিয়াভিঠা, টুক্ৰাপাৰা, আচলপাৰা, মাজৰটোপ, বতাহীদিয়া, হাতীপাৰা, গুমী, ফুটুৰী, উত্তৰ পূব বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ সদস্যৰ বাবে প্ৰাধিকৃত বিষয়া গৰৈমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰুবীতা সৰকাৰ আৰু সহকাৰী অভিযন্তা কমলেশ্বৰ কলিতাৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব।

Post Bottom Ad

Responsive Ads Here