কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, March 27, 2025

কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন

 কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন

কামৰূপ, আমিনগাঁও ২৭ মাৰ্চঃ কামৰূপ জিলাৰ জিলাৰ চলিত মাহৰ পথ সুৰক্ষা সমিতিৰ সভাখন আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কামৰূপ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আৰক্ষী, পৰিবহণ, পথ নিৰ্মাণকাৰী সংস্থাসমূহ যেনে, লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াৰ উপস্থিতিত বিস্তৃত আলোচনা কৰা হয়। সভাত জিলাখনত যোৱা সময়ছোৱাত সংঘটিত পথ দুৰ্ঘটনা স্থলীসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰা, তেনে দুৰ্ঘটনা ৰোধৰ বাবে উক্তস্থলীত ল’বলগীয়া ব্যৱস্থাৱলী সমূহ যেনে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা, পথ নিৰ্দেশনাৰ ব্যৱস্থা কৰা, পথৰ ওপৰত চিহ্নৰ ব্যৱস্থা কৰা আদিৰ সফল ৰূপায়ণত সংশ্লিষ্ট বিভাগসমূহ কিমানদূৰ সফল হৈছে তাৰ ওপৰতো আলোচনা কৰা হয়। আজিৰ সভাত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা লোকনিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ক কামৰূপ জিলাৰ সীমা আৰম্ভ হোৱা স্থানসমূহত ৰাষ্ট্ৰীয় ঘাইপথত জনসাধাৰণৰ সুবিধা হোৱাকৈ জিলাখনৰ নাম সম্বলিত ফলক সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত উপস্থিত থকা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সোমালীন শুভদৰ্শিনীয়ে মাৰ্চ মাহত জিলাখনত মুঠ ৩১ টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি উক্ত দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱা আৰু ৩৫জন লোক আহত হোৱা বুলি জানিবলৈ দিয়ে। সভাত জিলাখনত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিভাগকেইটাই উল্লেখ কৰে। উল্লেখ্য যে সভাত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, ৰঙিয়াৰ সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী,  লোকনিৰ্মাণ পথ বিভাগৰ কামৰূপৰ অধীক্ষক অভিযন্তা মৃদুল দাসকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

Post Bottom Ad

Responsive Ads Here