ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে কামৰূপ জিলাত ড্রাই ডে ঘোষণা
কামৰূপ, আমিনগাওঁ, ২৬ মাৰ্চ: অহা ২ এপ্রিলত কামৰূপ জিলাত অনুষ্ঠিত হ’বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজি জাৰি কৰা এক নিৰ্দেশ অনুসৰি কামৰূপ জিলাৰ বকো, ছয়গাঁও আৰু মিৰ্জা আবকাৰী চক্ৰৰ অধীনৰ সকলো বণ্ডেড ৱেৰহাউচ, ভাৰতত নিৰ্মিত বিদেশী সুৰা/বিয়েৰ বিক্ৰী কৰা খুচুৰা "অফ" আৰু "অন" দোকান, দেশীয় সুৰাৰ দোকান আদি ৩১ মাৰ্চৰ বিয়লি ৩ বজাৰ পৰা ২ এপ্ৰিলৰ বিয়লি ৩ বজালৈ বন্ধ থাকিব। একেটা নিৰ্দেশতে জিলা আয়ুক্ত গৰাকীয়ে ভোট গণনাৰ বাবে নিৰ্ধাৰিত ৪ এপ্ৰিলৰ দিনটো ভোট গণনা প্ৰক্ৰিয়াৰ অন্ত নপৰালৈকে ড্রাই ডে হিচাপে ঘোষণা কৰিছে আৰু যদি কিবা কাৰণত পুনৰ নিৰ্বাচন (RE-POLL) অনুষ্ঠিত হয় তেন্তে ৩ এপ্ৰিলৰ দিনাও ড্ৰাই ডে প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰিছে। এই ড্ৰাই ডেৰ সময়ছোৱাত কোনো ব্যক্তি বা ব্যক্তিৰ গোটৰ দ্বাৰা সুৰাজাতীয় সামগ্ৰী নিজৰ ওচৰত বা জিম্মাত ৰখা আৰু সুৰাৰ বিক্ৰী, বিতৰণ আৰু প্ৰদানত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ এলেকাসমূহত বা দাঁতিকাষৰীয়া এলেকাত থকা ৰাজহুৱা বা ব্যক্তিগত হোটেল, খাদ্যগৃহ, সুৰা বিক্ৰী বা সেৱনৰ সুবিধা আগবঢ়োৱা অন্যান্য প্ৰতিষ্ঠানসমূহ বা অন্য কোনো স্থানত সুৰাজাতীয় বা একে ধৰণৰ আন সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ (গ)ৰ অধীনত ব্যৱস্থা লোৱা হ’ব।