ৰঙিয়া সমজিলাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
দিছপুৰ, ৪ অক্টোবৰঃ অসমৰ প্ৰশাসনিক খণ্ডত এক নৱতম সংযোজন হিচাপে আজি কামৰূপ জিলাত ৰঙিয়া সমজিলাৰ শুভ উদ্বোধন কৰে পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ, সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেওঁ আজি ৰঙিয়া সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে। এই উপলক্ষে ৰঙিয়াৰ চিৰাখুন্দিত অনুষ্ঠিত এক সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সমজিলা গঠনক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিস্বৰূপ পদক্ষেপ বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ বাবে মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টাক সমজিলা গঠনে এক নতুন গতি প্ৰদান কৰিলে বুলি উল্লেখ কৰে। মন্ত্ৰী পাটোৱাৰীয়ে সমজিলাসমূহে বিভিন্ন উন্নয়নমূলক আঁচনি জনসাধাৰণৰ অধিক ওচৰ চপাই নিব বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ, ক্ষমতা বিকেন্দ্ৰীকৰণ, তৃণমূল পৰ্যায় পৰ্যন্ত প্ৰতিজন লোককে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়। আজিৰ সভাত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই সমজিলা গঠনৰ ফলত নাগৰিকসকল প্ৰভূত পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে। সভাত ভাষণ প্ৰদান কৰি দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দূৰদৰ্শী নেতৃত্বত সমজিলা গঠনেৰে অসম চৰকাৰে উন্নয়ন ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি মন্তব্য কৰে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই তেওঁৰ ভাষণত প্ৰশাসনিক সংস্কাৰ আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দিশত সমজিলা গঠন এক উল্লেখনীয় পদক্ষেপ বুলি মন্তব্য কৰে। সমজিলা গঠনৰ পিছত এতিয়া ৰাজহ সম্পৰ্কীয় যিকোনো সেৱাৰ লগতে অন্যান্য চৰকাৰী সেৱাসমূহ কিদৰে ৰাইজৰ বাবে সহজ হৈ উঠিব তেওঁ সেই বিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।