কামৰূপ জিলাৰ উন্নয়ন সমিতিৰ বৈঠক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, September 26, 2024

কামৰূপ জিলাৰ উন্নয়ন সমিতিৰ বৈঠক

 কামৰূপ জিলাৰ উন্নয়ন সমিতিৰ বৈঠক

কামৰূপ, আমিনগাঁও ২৬ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ চলিত মাহৰ উন্নয়ন সমিতিৰ বৈঠকখন আজি কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত তেওঁ জিলাখনত জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোক নিৰ্মাণ, কৃষি, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান গ্ৰহণ কৰে। তেওঁ লগতে জিলাখনত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ সময়ত বিভাগসমূহে সন্মুখীন হোৱা আন্তঃবিভাগীয় সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰি আঁচনি ৰূপায়নকাৰী বিভাগসমূহে ইটোৱে সিটোৰ সৈতে নিকট সমন্বয় ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তেওঁ কৃষি বিভাগক জিলাখনৰ কৃষকৰ পৰা নূন্যতম সমৰ্থন মূল্যত ক্ৰয় কৰা ধানৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়ে কৃষি বিভাগৰ পি এম কিষাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি, জলসিঞ্চন বিভাগৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা আদি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। সভাত কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে প্ৰণৱ দত্ত গোস্বামী, প্ৰাণজিত দেৱ, সুজাতা গগৈ আৰু মুনমী কলিতাও উপস্থিত থাকে।

Post Bottom Ad

Responsive Ads Here