কামৰূপ জিলাত কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় এলানি ভিডিঅ' মুকলি কৰিলে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, September 20, 2024

কামৰূপ জিলাত কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় এলানি ভিডিঅ' মুকলি কৰিলে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে

কামৰূপ জিলাত কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় এলানি ভিডিঅ' মুকলি কৰিলে
 জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে

কামৰূপ, আমিনগাঁও ২০ ছেপ্টেম্বৰঃ* কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কালি কামৰূপ জিলা প্ৰশাসনৰ অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় এলানি ভিডিঅ' মুকলি কৰে। ৰাজ্যজুৰি চলি থকা শিক্ষা বিভাগৰ আৰোহণ আঁচনিৰ অধীনত কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগে এক বিশেষ উদ্যোগ লৈ প্ৰস্তুত কৰা এই কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় ভিডিঅ’সমূহৰ জৰিয়তে  জিলাখনৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক ফলপ্ৰসূ কেৰিয়াৰ পৰামৰ্শ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।  লগতে আশা কৰা হৈছে এই ভিডিঅ’সমূহে জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল উচ্চাকাংক্ষাৰ বাবে অনুপ্ৰাণিত হ’ব। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ভিডিঅ’সমূহ মুকলি কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে, ‘এই ভিডিঅ’ৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানৰ আৰু বিশেষকৈ কামৰূপ জিলাৰ নামজ্বলা ব্যক্তি, যিসকলে নিজ নিজ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ যাত্ৰা আৰু তেওঁলোকে নিজৰ লক্ষ্য স্থিৰ কৰাৰ বাবে কেনেদৰে অনুপ্ৰাণিত হৈছিল, কি পদ্ধতি অৱলম্বন কৰি  সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জনোৱা আৰু তেওঁলোকৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে লোকসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক আৰু গৱেষক ছাত্ৰসকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল। এনে প্ৰতিটো ভিডিঅ’ অতি সহজভাৱে সকলোৰে বোধগম্য হোৱাকৈ অসমীয়া ভাষাত প্ৰস্তুত কৰা হৈছে যাতে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে এই ভিডিঅ’ৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে। কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে বিশেষকৈ জিলাখনত আই আই টি-গুৱাহাটী, এইমছ, গুৱাহাটী আদিৰ দৰে উচ্চমানৰ শিক্ষানুষ্ঠানসমূহ থকালৈ চাই ছাত্ৰ-ছাত্ৰীসকলে নিজকে সমাজৰ উচ্চ স্থানত প্ৰতিষ্ঠিত কৰাৰ বাবে উচ্চাকাংক্ষা ৰখা উচিত বুলি উল্লেখ কৰে। তেওঁ কামৰূপ জিলাৰ শুৱালকুচিৰ বাসিন্দা তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যৰ দৰে সফল ব্যক্তিৰ উদাহৰণ দাঙি ধৰি কয় যে কামৰূপ জিলাৰ পৰা  স্থানীয় মাধ্যমৰ বিদ্যালয়ত পঢ়া এনে বহু লোক আছে  যিয়ে নিজ কেৰিয়াৰত উল্লেখনীয় সফলতা লাভ কৰিছে।  যদি তেওঁলোক সফল হ’ব পাৰিছে, তেন্তে কয়া বা ছয়গাঁৱৰ দৰে ঠাইৰ আনসকলে কিয় নোৱাৰিব।  উল্লেখযোগ্য যে কালি মুকলি কৰা ভিডিঅ’সমূহৰ জৰিয়তে জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য; এইমছ, গুৱাহাটীৰ সহযোগী অধ্যাপক ড০ জয়ন্ত দাস, আই আই টি, গুৱাহাটীৰ সহকাৰী অধ্যাপক দেবাংগ ৰাজ নেওগ, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া যশোধৰা দাস, ভাৰতীয় বন সেৱাৰ বিষয়া ডিম্পী বৰা, বেডমিণ্টন খেলুৱৈ সুৰজ গোৱালা, এইমছ, গুৱাহাটীত এমবিবিএছৰ পাঠ্যক্ৰমত অধ্যয়নৰত কুলদীপ ভৰালী আৰু যুগস্মিতা দাস, কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজিত পি এইচ ডি কৰি থকা কৌস্তভ কাশ্যপ দাস; লণ্ডনৰ কিংছ স্কুলৰ কম্পিউটাৰ বিজ্ঞানৰ বিভাগৰ ছাত্ৰ টলষ্টয় ডেকা আৰু অসমৰ নেচনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমীৰ এল এল বি ছাত্ৰী নিয়ৰ ঘাটোৱাৰে কেৰিয়াৰ কাউন্সিলিঙ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। সভাত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতা, কামৰূপৰ সহকাৰী আয়ুক্ত দেৱাশীষ বৰাও উপস্থিত থাকে। একেখন সভাতে কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কামৰূপ জিলাৰ মহিলা আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত প্ৰায় ১৭১ বিধ সামগ্ৰীৰ সৱিশেষ সম্বলিত “প্ৰগতি” নামৰ এখন ই-পুস্তিকাও মুকলি কৰে। কামৰূপ জিলা প্ৰশাসনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কামৰূপৰ সহয়োগত সাজু কৰি উলিওৱা এই ই-পুস্তিকাৰ জৰিয়তে জিলাখনৰ  আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ ৰাজ্যজুৰি জনপ্ৰিয় কৰি তোলা আৰু এইসমূহৰ চাহিদা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। ই-পুস্তিকাখন মুকলি কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে কামৰূপ জিলাৰ মহিলা আত্মসহায়ক গোটৰ কাৰ্যকুশলতা আৰু সৃষ্টিশীলতাক সকলোৰে আগত দাঙি ধৰা আৰু তেওঁলোকৰ সামগ্ৰীৰ গুণগত মান আৰু স্বকীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ই-পুস্তিকাখনত ১৭১ বিধ সামগ্ৰীৰ সৱিশেষৰ লগতে প্ৰতিবিধ সামগ্ৰী মূল্যৰ বিষয়েও উল্লেখ আছে। এই কাৰ্যসূচীত কামৰূপৰ সহকাৰী আয়ুক্ত দেৱাশিষ বৰাই উপস্থিতসকলক এই পদক্ষেপৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰে।

 

Post Bottom Ad

Responsive Ads Here