কণ কণ ছাত্ৰ ছাত্ৰীৰ হিমন্ত মামালৈ প্ৰাৰ্থনা
'জনসেৱা লাইভ', ১১ ছেপ্টেম্বৰ : এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি কৰিছে প্ৰাৰ্থনা ।
নিজৰ পঢ়াশালি এৰি নাযায় দূৰৰ পঢ়াশালিলৈ । প্ৰয়োজনত ত্যাগ কৰিব পঢ়া-শুনা । ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত নোৱাপাৰা প্ৰাথমিক বালিকা বিদ্যালয়ত। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীগৰাকীক হাতযোৰ কৰি প্ৰাৰ্থনা কৰাৰ লগতে অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ কৰে। কোনো পধ্যেই দূৰণিৰ বিদ্যালয়লৈ নাযায় এইসকল কণ কণ ছাত্ৰ-ছাত্ৰী । ঘটনা সম্পৰ্কে জানিব পৰা মতে ছয়গাঁও শিক্ষা খণ্ডৰ বিষয়াই কোনো জাননী নিদিয়াকৈ ১৯৫০ চনতে স্থাপিত উক্ত বিদ্যালয়খন প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত থকা নোৱাপাৰা বালক প্ৰাথমিক বিদ্যালয়ত চামিল কৰিব বিচৰাত ক্ষোভিত হৈছে অভিভাৱক সকল । আজি শিক্ষক-শিক্ষায়িত্ৰী অবিহনে বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে পুৱাৰ প্ৰাৰ্থনা সভা সমাপ্ত কৰি নিজে নিজে পাঠদান কাৰ্য্যসূচীও আৰম্ভ কৰে । ইয়াৰ পিছতে ছাত্র-ছাত্ৰী আৰু অভিভাৱকে মিলি বিদ্যালয়ৰ শ্ৰেণী কোঠাকে আদি কৰি বিদ্যালয় চৌহদটো চাফ-চিকুণ কৰে । শেষত নিজ পঢ়াশালিতে পাঠদান বাহাল ৰখাৰ দাবীত ছাত্র-ছাত্ৰী, অভিভাৱক সকলে বিদ্যালয় চৌহদত বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে প্ৰতিবাদৰ খবৰ পায় ছয়গাঁও শিক্ষা খণ্ডৰ সমল শিক্ষক নয়ন দাস উপস্থিত হৈ বিষয়টো শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ক অৱগত কৰাৰ আশ্বাস দিয়ে ।