মাকেলিত খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কলহী নদীৰ পাৰত গঞাৰ ধূপ-চাকি-ফুল লৈ ঈশ্বৰক প্ৰাৰ্থনা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, July 4, 2024

মাকেলিত খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কলহী নদীৰ পাৰত গঞাৰ ধূপ-চাকি-ফুল লৈ ঈশ্বৰক প্ৰাৰ্থনা

মাকেলিত খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কলহী নদীৰ পাৰত গঞাৰ ধূপ-চাকি-ফুল লৈ ঈশ্বৰক প্ৰাৰ্থনা


 'জনসেৱা লাইভ', ৪ জুলাই  :  সমগ্ৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত বানপানীত সাধাৰণ ৰাইজ জীয়াতু ভুগি থকা সময়তে কলহী নদীৰ খহনীয়াৰ পৰা ৰক্ষা পৰাৰ বাবে ঘোষাৰে নদীক প্ৰাৰ্থনা জনালে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাকেলী গাঁৱত।  ছয়গাঁৱৰ মাকেলিত চলি থকা তীব্ৰ খহনীয়াৰ ফলত দুটা পৰিয়াল সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম হৈছে । লগতে  মাকেলী প্ৰাথমিক বিদ্যালয়, অঙ্গনাবাড়ী কেন্দ্ৰকে আদি কৰি মাকেলী গাঁওখন খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । আজি গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কলহী নদীৰ পাৰত মাকেলী গাঁৱৰ একাংশ পুৰুষ- মহিলাই  ঈশ্বৰকে শেষ ভৰষা কৰি ধূপ, চাকি লৈ মহিলা সকলে নদীৰ পাৰত ঘোষা জুৰি কান্দি কান্দি ঈশ্বৰক প্ৰাৰ্থনা জলায় । উল্লেখযোগ্য যে যোৱা কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কলহী নদীয়ে তীব্ৰ ৰূপ ধাৰণ কৰি ভাবুকি আনিছে কলহীপৰীয়া ৰাইজলৈ । গৰাখহানীয়াই সৰ্বস্বান্ত কৰিলে মাকেলি গাঁৱৰ বৃহৎ অঞ্চলৰ লগতে গাঁওখনৰ ৰত্নেশ্বৰ দাস আৰু ৰবীন দাস নামৰ দুখীয়া লোক দুগৰাকীৰ বাসগৃহ । যিকোনো মুহূৰ্ততে নৈৰ বুকুত জাহ যাব পাৰে পৰিয়াল দুটিৰ ভেটি । আনহাতে এই খহনীয়াৰ ফলত মাকেলি প্ৰাথমিক বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । ইতিমধ্যে অঙ্গনবাড়ী কেন্দ্ৰৰ এটা অংশ নদীৰ বুকুত বিলিন হোৱাৰ দিশে আগবাঢ়িছে । সেয়েহে স্থানীয় ৰাইজে পৰিয়াল দুটিৰ দুখত সমভাগী হৈ ভগৱানক প্ৰাৰ্থনা কৰাৰ লগতে স্থানীয় বিধায়ক আৰু জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক ঘটনাস্থলীত এবাৰ আহি পৰিদৰ্শন কৰিবলৈ দাবী জনাইছে ।

Post Bottom Ad

Responsive Ads Here