কামৰূপত অমৃত বৃক্ষ আন্দোলন ২০২৪ ৰ বাবে প্ৰস্তুতি সভা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, July 19, 2024

কামৰূপত অমৃত বৃক্ষ আন্দোলন ২০২৪ ৰ বাবে প্ৰস্তুতি সভা

 কামৰূপত অমৃত বৃক্ষ আন্দোলন ২০২৪ ৰ বাবে প্ৰস্তুতি সভা

 
আমিনগাঁও ১৯ জুলাইঃ  কামৰূপ জিলাত অমৃত বৃক্ষ আন্দোলন ২০২৪ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ লক্ষ্যৰে কালি এখন প্ৰস্তুতি সভা কামৰূপ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্পা বাগলাৰীৰ সভাপতিত্বত জিলাখনৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত বন বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ সকলো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। সভাত অহা ১ আগষ্টৰ পৰা ১৫ আগষ্ট পৰ্যন্ত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলাত ৰূপায়ন হ’বলগীয়া অমৃত বৃক্ষ আন্দোলন ২০২৪ ৰ কাৰ্যসূচীৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে এইবাৰ কামৰূপ জিলাত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত আগৰ, মেহগনি, বগীপমা, তিতাচপা, কদম, আমলখি, শিলিখা, চেগুন, গমাৰি, জামুক আদি বিভিন্ন গছৰ ছয় লক্ষাধিক পুলি বিতৰণ আৰু ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই কাৰ্যসূচী ৰূপায়নৰ সময়ত অহা ৩০ জুলাইৰ পৰা ১২ আগষ্টলৈকে জিলাখনৰ সকলো অঞ্চল সামৰি বিভিন্ন বিতৰণ পইণ্টত গছৰ পুলিসমূহ উপলব্ধ কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত কালিৰ সভাত আলোচনা কৰা হয়। একেদৰে এই অমৃত বৃক্ষ আন্দোলনত আত্মসহায়ক গোটৰ সদস্য, নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,  মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অংগণবাড়ী কৰ্মী, আশা কৰ্মী, আৰক্ষী, গৃহৰক্ষী বাহিনী, অৰ্ধ-সামৰিক বাহিনীসমূহৰ লোক, কৃষক, বেচৰকাৰী সংস্থাৰ সদস্য সকলোকে সামৰি লৈ এই কাৰ্যসূচীৰ সফল কৰাৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত গছপুলি ৰোপণৰ পিছত গছপুলিৰ ফটো আপলোড কৰাৰ বাবে ২০২৩ বৰ্ষত ইতিমধ্যে পঞ্জীয়ন কৰা হিতাধিকাৰীসকলে https://aba.assam.gov.in ত তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু প্ৰথমবাৰৰ বাবে গছপুলি ৰোপণ কৰাসকলে ফটো আপলোডৰ বাবে নতুনকৈ পঞ্জীয়ন কৰিব লাগিব বুলিও উল্লেখ কৰা হয়।

Post Bottom Ad

Responsive Ads Here