কামৰূপত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, June 21, 2024

কামৰূপত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কামৰূপত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন


 আমিনগাঁও ২১ জুনঃ সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলাতো দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌদত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ সৌজন্যত আৰু কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোগাভ্যাসক ভাৰতীয় সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি উল্লেখ কৰি  কয় যে এক সুস্বাস্থ্যৰ গৰাকী হোৱাৰ বাবে নিয়মিতভাৱে সকলোকে যোগাভ্যাস কৰি যাবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে বৰ্তমান নৱপ্ৰজন্মৰ মাজত যোগাভ্যাসে সমাদৰ লাভ কৰাতো এক শুভ সংকেত বুলিও অভিহিত কৰে। আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে নিত্য বিনোদ ৱাৰি, কমল বৰুৱা, অভিজিত গগৈ, নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী, ৰাষ্ট্ৰীয় আয়ুষ অভিযান, কামৰূপৰ নডেল বিষয়া ডাঃ অৰবিন্দ দাস আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থকা সকলোৱে সমূহীয়া যোগ প্ৰদৰ্শন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সেৱা ভাৰতী পূৰ্বাঞ্চলে সমূহীয়া যোগ প্ৰদৰ্শন কাৰ্যসূচী পৰিচালনা কৰে। উল্লেখ্য যে এইবছৰৰ যোগ দিৱসৰ বিষয়বস্তু হ’ল ‘নিজৰ আৰু সমাজৰ বাবে যোগ’।  আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি চাৰিটা শাখাত ছাত্ৰ-ছাত্ৰী আৰু আন বিভিন্নজনৰ অংশগ্ৰহণেৰে যোগাসন প্ৰতিযোগিতাও অনুষ্ঠিত হয় আৰু প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰষ্কাৰ বিতৰণ কৰা হয়। উল্লেখ্য যে জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ লগতে আজি কামৰূপ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, স্বাস্থ্য প্ৰতিষ্ঠান, গাঁও পঞ্চায়ত, পৌৰসভাৰ কাৰ্যালয়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

Post Bottom Ad

Responsive Ads Here