কুকুৰমাৰা চাইটেনী বিলত ড্ৰেগন নাও খেল প্ৰতিযোগিতাৰ আয়োজন
জনসেৱা লাইভ, ৩০ মে' :অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থা আৰু কুকুৰমাৰা নেহৰু ক্লাবৰ সহযোগত অহা ২ জুনত চতুৰ্থ অসম আন্ত:জিলা পুৰুষ-মহিলা নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি দক্ষিণ কামৰূপৰ কুকুৰমাৰা নেহৰু ক্লাবত অনুষ্ঠিত সংবাদ মেলত উল্লেখ কৰা অনুসৰি ৭ খন জিলাৰ খেলুৱৈ অংশ গ্ৰহণ কৰা নিশ্চিত হৈছে বুলি উল্লেখ কৰে। কুকুৰমাৰা চাইটেনী বিলত অনুষ্ঠিত হবলগীয়া নাও খেল প্ৰতিযোগিতাত প্ৰায় ডেৰ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিব। অসম ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ যুটীয়া সম্পাদক সুকুমাৰ মেধীয়ে আঁত ধৰা সংবাদ মেলত সন্থাৰ সভাপতি তাহেৰ আহমেদ আৰু সম্পাদক অনুপ কুমাৰ চৌধুৰীয়ে বক্তব্য ৰাখি প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অলিম্পিকত ড্ৰেগন নাও খেল অন্তৰ্ভূক্ত কৰাৰ দাবী জনায়। সংবাদ মেলত কাৰ্যনিৰ্বাহক সদস্য খগেন নাথ, মাধৱ কলিতা, জনক দাসৰ উপৰিও খেলুৱৈ ৰূপেন ৰাভা, প্ৰাঞ্জল কলিতা আদি উপস্থিত থাকে।