ঠাকুৰপাৰা সত্ৰৰ সত্ৰাধিকাৰ, প্ৰাক্তন ছাত্ৰ নেতা অনন্ত অধিকাৰীৰ দেহাৱসান
'জনসেৱা লাইভ', ৩০ মে : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ শ্ৰীশ্ৰীঠাকুৰপাৰা সত্ৰৰ সত্ৰাধিকাৰ, অসম গ্ৰামীন বিকাশ বেংকৰ অৱসৰী মুখ্য প্ৰৱন্ধক, প্ৰাক্তন ছাত্ৰ নেতা অনন্ত কুমাৰ অধিকাৰী কালি নিশা স্বৰ্গগামী হয় । নিশা ৮ বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতেলত ৬৮ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা অধিকাৰী দীৰ্ঘদিন মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । ছয়গাঁৱৰ বৰাখাট গাঁৱৰ বাসিন্দা অধিকাৰী অসম আন্দোলনৰ সময়ত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সৰ্বাধিনায়কৰ দায়িত্বত থকাৰ উপৰি ছয়গাঁৱৰ প্ৰতিষ্ঠিত সামাজিক- সাংস্কৃতিক সংগঠন ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা 'নেতৃত্বত আছিল । অবিবাহিত "অধিকাৰী ঐতিহাসিক শ্ৰীশ্ৰী ঠাকুৰপাৰা সত্ৰৰ সত্ৰাধিকাৰৰ লগতে ছয়গঞা লোক উৎসৱ আৰু ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰো আজীৱন সভ্য আছিল । নিষ্ঠা সততা আৰু কৰ্তব্যপৰায়নতাৰ বাবে গ্ৰামীন বিকাশ বেংকত প্ৰৱন্ধক ৰূপে কৰ্তব্যত যোগদান কৰি ক্ৰমে পদোন্নতি লাভ কৰি বেংকৰ মুখ্য প্ৰৱন্ধকৰূপে চাকৰি জীৱন সামৰা অধিকাৰী নিজৰ ব্যক্তিত্ব আৰু বচন ভংগীৰ বাবে অঞ্চলটোত জনপ্ৰিয় আছিল । অধিকাৰীৰ নশ্বৰদেহ আজি ছয়গাঁও শ্ৰীমন্ত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ আহি পোৱাৰ পাছত অঞ্চলটোৰ সমূহ সংগঠনে অধিকাৰীদেৱক শেষ শ্ৰদ্ধা জনায় । বিকাশ কেন্দ্ৰৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানসমূহ আছিল - ছয়গঞা লোক উৎসৱ, ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও প্ৰেছ ক্লাব, ছয়গাঁও বাঢ়ন্তী পৰগণা আদি । তেওঁৰ নশ্বৰ দেহ শ্ৰীশ্ৰীঠাকুৰপাৰা সত্ৰ আৰু বৰাখাট ৰাইজ গয়ৰহেও শোভাযাত্ৰাকাৰে নি শেষ শ্ৰদ্ধাঞ্জলি জনায় । আজি বিয়লি বৰাখাট গাঁৱত পৰিয়াল-পৰিজনৰ লগতে সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত ৰাজহুৱাভাৱে সৎকাৰ কৰা হয় ।