পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যালোচনা কৰিলে কামৰূপ জিলাখনৰ সাম্প্ৰতিক বানৰ ক্ষয়-ক্ষতিৰ
আমিনগাঁও ২১ জুনঃ* ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানত হোৱা ক্ষয়-ক্ষতি, সাহায্য আৰু উদ্ধাৰ অভিযান ইত্যাদিৰ সামগ্ৰিক পৰ্যালোচনা কৰে। কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দেৱাশীষ গোস্বামী, বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনত সাম্প্ৰতিক বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে লোক নিৰ্মাণ, জলসম্পদ, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগে হাতত লোৱা কাম-কাজৰ বুজ লয়। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক বানত ক্ষতিগ্ৰস্ত অঞ্চলত তাৎক্ষণিক চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ পৰ্যাপ্ত ঔষধ মজুতকৰণৰ লগতে মোবাইল চিকিৎসা দল সাজু ৰাখিবলৈ, বিশুদ্ধ খোৱাপানী যোগান, পানী বীজাণুমুক্ত কৰাৰ বাবে ব্যৱস্থা ৰাখিবলৈ আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগক ঘৰচীয়া জীৱ-জন্তুৰ টীকাকৰণ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ লগতে গৰু-ছাগলীৰ বাবে পৰ্যাপ্ত খাদ্যৰ মজুতকৰণ দিশত আগতীয়াকৈ সমীক্ষা কৰি সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰা বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণৰ বাবে মজুত থকা খাদ্য সামগ্ৰীৰ পৰিমাণৰ বুজ লোৱাৰ লগতে এই সময়চোৱাত মুকলি বজাৰত যাতে ব্যৱসায়ীসকলে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। সভাত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগকো নিয়মীয়াকৈ মথাউৰিসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ অগ্নি নিবাৰ্পন আৰু জৰুৰীকালীন সেৱা বিভাগক প্ৰয়োজনসাপক্ষে উদ্ধাৰ অভিযান চলাব পৰাকৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়ে। সভাত উপস্থিত থকা জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে মন্ত্ৰীগৰাকীক জিলাখনৰ বিভিন্ন বান প্ৰভাৱিত এলেকাত ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা-ঘাট, মথাউৰি আদিৰ মেৰামতিৰ বাবে লোক নিৰ্মাণ (পথ) আৰু জলসম্পদ বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি অৱগত কৰাৰ লগতে বন বিভাগৰ সহযোগত কৃত্ৰিম বানত আক্ৰান্ত এলেকাত বন্ধ পানী ওলাই যোৱাৰ বাবে নিৰন্তৰ গতিত নলা চাফা আৰু নলা কটাৰ কাম চলি আছে বুলি উল্লেখ কৰে। উল্লেখ্য যে বৰ্তমান পৰ্যন্ত কামৰূপ জিলাত ৭০৩ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু বান ক্ষতিগ্ৰস্ত লোকক আশ্ৰয় প্ৰদানৰ বাবে জিলাখনত ৰঙিয়া, উত্তৰ গুৱাহাটী আৰু কমলপুৰ ৰাজহ চক্ৰত মুঠ ৭ টা আশ্ৰয় শিৱিৰ মুকলি কৰা হৈছে।