ছয়গাঁও-বকো সমষ্টিত ১২,০৯০ খন আৰু ছমৰীয়াত ১১৭৩৬খন নতুন ৰেচন কাৰ্ড বিতৰণ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, January 23, 2024

ছয়গাঁও-বকো সমষ্টিত ১২,০৯০ খন আৰু ছমৰীয়াত ১১৭৩৬খন নতুন ৰেচন কাৰ্ড বিতৰণ

 ছয়গাঁও-বকো সমষ্টিত  ১২,০৯০ খন আৰু ছমৰীয়াত ১১৭৩৬খন নতুন ৰেচন কাৰ্ড বিতৰণ


আমিনগাওঁ, ২৩ জানুৱাৰী :  জনসাধাৰণৰ খাদ্য সুৰক্ষাৰ অধিকাৰ নিশ্চতকৰণৰ উদ্দেশ্যে  নতুনকৈ ৰেচন কাৰ্ডৰ বিতৰণ প্ৰক্ৰিয়া যোৱা ১৭ জানুৱাৰীৰ পৰা কামৰূপ জিলাত আৰম্ভ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত আজি বামুণী গাওঁৰ শান্তি নিজৰা ক্লাবৰ খেল পথাৰ আৰু গৰৈমাৰী টাউন ক্লাব খেল পথাৰত আয়োজিত  দুটা সুকীয়া সুকীয়া অনুষ্ঠানত নতুনকৈ নিৰ্ধাৰিত হোৱা বকো-ছয়গাঁও সমষ্টি আৰু ছমৰীয়া সমষ্টিৰ নতুন হিতাধিকাৰী সকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই উপলক্ষে দিয়া ভাষণত তেখেতে কয়  যে  নতুনকৈ নিৰ্ধাৰিত হোৱা বকো-ছয়গাঁও সমষ্টিত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা ১২,০৯০ খন  আৰু ছমৰীয়া সমষ্টিত ১১,৭৩৬ খন নতুন ৰেচন  কাৰ্ডৰ জৰিয়তে প্ৰায় ৯২,৭১৪ জন হিতাধিকাৰী উপকৃত হ'ব। তেখেতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ লগতে  ৰেচন কাৰ্ড পোৱা প্ৰতিটো পৰিয়ালে বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড লাভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে।   ভাষণ প্ৰসংগত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে চৰকাৰে খেতিয়কৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপ সমূহৰ বিষয়েও আলোকপাত কৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে  খেতিয়তে উৎপাদন কৰা ধান চৰকাৰী বিক্ৰী কেন্দ্ৰ জৰিয়তে  ধান ক্ৰয়ৰ ব্যৱস্থা কৰাৰ কথাও দোহাৰে ৷ এই চৰকাৰৰ দিনত ৰাস্তা-ঘাটৰ আমুৃূল পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰি জলজলীৰ ওপৰত দলং  নিৰ্মাণৰ ব্যৱস্থা কৰি দক্ষিণপাৰৰ যাতায়ত ব্যৱস্থাত আমূল পৰিবৰ্তন অনাৰ পৰিকল্পনাৰ কথাও পাটোৱাৰীয়ে ব্যক্ত কৰে  ৷ নিজৰ বক্তব্যত মন্ত্ৰী পাটোৱাৰীয়ে মহিলা সৱলীকৰণৰ নামত চৰকাৰী সুবিধাৰে ৩৯ লাখ আত্মসহায়ক গোটে নিজৰ পৰিয়াল সুন্দৰকৈ চলাই নিয়াৰ বাবে সক্ষম হোৱাৰ বিষয়ে উনুকিয়াই চৰকাৰে এদিনতে ৰোপণ কৰা ১কোটি গছ পুলিৰ ৮০ লাখ পুলি মহিলাই ৰোপণ কৰা কথা উল্লেখ কৰে  ৷ ইয়াৰোপৰি লাখপতি আঁচনিৰে প্ৰথমে দহ হাজাৰ তাৰ পিচত পঁচিছ হাজাৰ টকাৰ ঋণ আগবঢ়াই মহিলাসকলক স্বাৱলম্বী কৰাৰ পদক্ষেপ লোৱাৰ বিষয়ে কৈ অসমৰ মহিলাই উৎপাদন কৰা ভোট জলকীয়া বিশ্বৰ বিভিন্ন দেশত ৰপ্তানী হৈ থকাত মহিলা সকলেও এতিয়া দেশক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি বক্তব্য দাঙি ধৰে ৷ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত  সন্মানীয় অতিথি হিচাবে অংশগ্ৰহন কৰি ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই কভিডকালীন অৱস্থাত দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী মহিলাক ধন-জন আঁচনিৰ জৰিয়তে বেংকত একাউন্ট খোলাৰ ব্যৱস্থা কৰাৰ পিছৰ পৰাই বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণে সুবিধা লাভ কৰি আহিছে বুলি  উল্লেখ কৰে আৰু মুখ্যমন্ত্ৰীয়ে অসমখনক সৰ্বাংগ সুন্দৰ ৰাজ্য হিচাপে গঢ়াৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি সকলোৰে সহযোগিতা কামনা কৰে ৷ কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বেই আদৰণী ভাষণ দিয়া বামুণীগাওঁৰ অনুষ্ঠানত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ‌্বৰ ৰাভা, উপ-কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আয়োগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, জিলা পৰিষদৰ  অতিৰিক্ত জিলা আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, দক্ষিণ কামৰূপ জিলাৰ বিজেপি সভাপতি অঞ্জন গোস্বামী, দক্ষিণ কামৰূপ জিলাৰ বি,জে, পিৰ প্ৰভাৰি অনিৰ্বাণ গোস্বামী, নগৰবেৰা জিলা পৰিষদৰ সদস্য হিমাদ্ৰী পাঠক, পঞ্চায়তৰ প্ৰতিনিধি সকল, ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সকলৰ লগতে হিতাধিকাৰী সকল উপস্থিত থাকে। আবেলি মন্ত্ৰীগৰাকীয়ে গৰৈমাৰীৰ টাউন ক্লাবৰ খেলপথাৰতো অনুৰূপ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Post Bottom Ad

Responsive Ads Here