বিজয়নগৰত কামৰূপৰ গ্ৰামীণ হাট মুকলি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, December 12, 2023

বিজয়নগৰত কামৰূপৰ গ্ৰামীণ হাট মুকলি

 বিজয়নগৰত কামৰূপৰ গ্ৰামীণ হাট মুকলি 


জনসেৱা লাইভ, ১২ ডিচেম্বৰ: কামৰূপ জিলাৰ গ্ৰাম্য স্বেচ্ছাসেৱী সংগঠনৰ মহিলাসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বিজয় নগৰত স্থাপন কৰা হৈছে এখন গ্ৰামীণ হাট।   নাবাৰ্ডৰ অৰ্থ সাহায্যত বিজয় নগৰৰ চেন্ট্ৰল বেঙ্কৰ সন্মুখত থকা হৰেন্দ্ৰ নাথ তালুকদাৰ ভৱনত স্থাপন কৰা এই স্থায়ী বিপনীখন আজি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে, 'ভোকেল ফৰ লোকেল' নীতি সৰোগত কৰিয়ে আমাৰ থলুৱা শিপিনী, বোৱনী, কহাৰ তথা অন্যান্য হস্তশিল্পী সকলৰ উৎপাদিত সামগ্ৰী এইখন বিপনীত ন্যায্য দামত পোৱা যাব। তেওঁ জিলাখনৰ গ্ৰামীণ মহিলাসকলৰ স্বাৰ্থতে ইয়াৰ পৰা ৰাইজক সামগ্ৰী ক্ৰয় কৰাত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই কামৰূপ জিলা ভিত্তিক এই বিক্ৰী কেন্দ্ৰটি পলাশবাৰী সমষ্টিতে স্থাপন হোৱাত জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। যিহেতু বিজয় নগৰ দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰস্থল হিচাপে পৰিচিত হৈছে সেয়েহে এই কেন্দ্ৰটিয়ে যথেষ্ট সফলতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। জিলা গ্ৰামীণ জীবিকা অভিযান প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে কয় যে, নাবাৰ্ডৰ তৰফৰ পৰা  জিলাখনত এখন গ্ৰাম্য বিক্ৰী কেন্দ্ৰ স্থাপন কৰিবলৈ ৬.৫০ লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে। ইয়াৰেই সহায়ত স্থাপন কৰা এই দোকানখনত জিলাখনৰ প্ৰতিটো প্ৰান্তৰে আত্মসহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ উপলব্ধ হ'ব। তেওঁ জনোৱা মতে, নাবাৰ্ডে আগবঢ়োৱা অৰ্থ সাহায্যৰ ধনেৰে অহা দুবছৰলৈ কেন্দ্ৰটি পৰিচালনা কৰা হ'ব। ইয়াৰ পিছত আত্মসহায়ক গোটসমূহে নিজা উপাৰ্জনৰ দ্বাৰা এই কেন্দ্ৰটি পৰিচালনা কৰিব। ইয়াত গামোছা, চাদৰ-মেখেলা, শ্বল, খদ্দৰৰ জেকেট আদি বিভিন্ন থলুৱা বোৱন সামগ্ৰী, কাহঁ-পিতলৰ সামগ্ৰী, বাঁহৰ বিভিন্ন সামগ্ৰী, অসমীয়া গহনা, আচাৰ, চাহপাত, বেগ আদি ৰখা হৈছে। গ্ৰাহকৰ চাহিদা অনুসৰি ভৱিষ্যতে অধিক সামগ্ৰী ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি খণ্ড প্ৰকল্প প্ৰৱন্ধক ভাস্কৰ গোস্বামীয়ে জনাইছে। অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য মহাপ্ৰৱন্ধক নবীন ধিঙৰা আৰু জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেশ পাত্ৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ৰামপুৰ উন্নয়ন খণ্ডৰ বিষয়া জহিৰুল ইছলাম আদিও উপস্থিত থাকে।

Post Bottom Ad

Responsive Ads Here