কুকুৰমাৰা আদৰ্শ গাঁৱত কম্পিউটাৰ কেন্দ্ৰ মুকলি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, March 8, 2024

কুকুৰমাৰা আদৰ্শ গাঁৱত কম্পিউটাৰ কেন্দ্ৰ মুকলি

 কুকুৰমাৰা আদৰ্শ গাঁৱত কম্পিউটাৰ কেন্দ্ৰ মুকলি 


দক্ষিণ কামৰূপৰ প্ৰতিনিধি, ৮ মাৰ্চ : দক্ষিণ কামৰূপৰ কুকুৰমাৰা আদৰ্শ গাঁৱত শুক্ৰবাৰে এচ ও এচ শিশু গাঁও গুৱাহাটীৰ উদ্যোগত এটা কম্পিউটাৰ চেন্টাৰৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে কুকুৰমাৰা গাওঁ উন্নয়ন সমিতিৰ সভাপতি সত্য দাসে । ইতিমধ্যে এচ ও এচ নামৰ সংস্থাটোৱে ইতিমধ্যে গাওঁখনত বিনামূলীয়া শিক্ষাদান, মহিলা সকলক  স্বাৱলম্বী হ'ব পৰাকৈ  বিভিন্ন কৌশল প্ৰদান কৰাৰ উপৰিও আজি অনুসূচীত জাতিৰ গাওঁখনৰ ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কম্পিউটাৰ কেন্দ্ৰটো মুকলি কৰে । ইয়াৰ লগত সংগতি ৰাখি কুকুৰমাৰা গাঁৱৰ সভাঘৰত  আন্তৰ্জাতিক নাৰী দিৱসও উদযাপন কৰা হয় । কেবাশতাধিক মহিলা উপস্থিত থকা সভাখনত এচ ও এচৰ ৰাজ্যিক সঞ্চালক দেৱ মল্ল বিশ্বাস চৌধুৰী,  মিডিয়া কোষৰ উপৰিও মনোৰোগ বিশেষজ্ঞ ৱাচিম খণ্ডকৰ, শ্বিলং পাব্লিক স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জেৰিণা হুছেইন, এচ ও এচৰ সহকাৰী সঞ্চালক কৰুণা কৰ পানী, জেষ্ঠ সহায়ক আব্দুল কৰিম, অমিত দেৱ বাৰ্মা, কুকুৰমাৰা গাঁও উন্নয়ন সমিতিৰ সম্পাদক কমলেশ্বৰ দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি মহিলা সৱলীকৰণৰ ওপৰত ভাষণ প্ৰদান কৰে । অনুষ্ঠানত সাংবাদিক ধীৰাজ কুমাৰ দাস, বিশ্বজিৎ দাস, এচ ও এচৰ কুকুৰমাৰা গাঁৱৰ সহ প্ৰৱন্ধক নাৰায়ণ দাস, টিকেন দাস, নয়ন দাস, সত্যৱতী দাস, চুমী হাজৰিকা আদি উপস্থিত থাকে।

Post Bottom Ad

Responsive Ads Here