অভিনেতা ৰঞ্জিত কলিতাৰ মৃত্যু
'জনসেৱা লাইভ' ৯ অক্টোবৰঃ দক্ষিণ কামৰূপৰ যাত্ৰা দলৰৰ জনপ্ৰিয় অভিনেতা ৰঞ্জিত কলিতা আজি স্বৰ্গগামী হয় । ৭ অক্টোবৰৰ নিশা ছয়গাঁও থানা এলেকাৰ নিজ গাঁও কৈমাৰীত কোম্পেনীৰ কৰ্তব্যলৈ যোৱাৰ সময়তে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাত পতিত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল ।৪২ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা ৰঞ্জিত কলিতাই ছাত্ৰ অৱস্থাৰে পৰা সনাতন, সত্য সনাতন, ভাগীৰথী, গিৰি গোৱৰ্ধন, আৰাধনা আদি বিভিন্ন যাত্ৰা দলত অভিনয় কৰি সুদক্ষ অভিনেতাৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল । তাৰোপৰি তেওঁ এমেচাৰ গ্ৰুপৰ নাটক কৰিও বিশেষ সমাদৰ লাভ কৰিছিল। আজি সন্ধিয়া ছয়গাঁও শিল্পী সমাজৰ কাৰ্যালয়ত তেওঁৰ নশ্বৰ দেহত শিল্পী সমাজৰ লগতে আৰাধনা নাট্য গোষ্ঠী, ছয়গাঁও প্ৰেছ ক্লাব, ছয়গাঁও সাহিত্য সভা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠানে শেষ শ্ৰদ্ধা জনায় । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু পুত্ৰ-জী দুজনক ইহ সংসাৰত এৰি থৈ যায় ।