কুকুৰমাৰাৰ দূৰ্গাপূজাত অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
'জনসেৱা লাইভ', ২১ অক্টোবৰ : দক্ষিণ কামৰূপৰ কুকুৰমাৰা আঞ্চলিক সাৰ্বজনীন দূৰ্গাপূজাৰ আজি সপ্তমীৰ দিনা এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। ৪৭ তম্ বৰ্ষত প্ৰদাৰ্পণ কৰা দূৰ্গাপূজাখনিয়ে আজি অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ ৩৫ গৰাকী ছাত্র ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । দূৰ্গাপূজা পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে কাৰ্যকৰী সভাপতি জোন কুমাৰ দাসে । আনহাতে আজিৰ সভাতে থাইলেণ্ডত অনুষ্ঠিত সমৰ কলাত সোণৰ পদক বিজয়ী জিতেন মহন্তক ফুলাম গামোচা জাপি শৰাই আদিৰে সম্বৰ্দ্ধনা জনায় কুকুৰমাৰা দূৰ্গাপূজা সমিতিয়ে । সভাত ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন কলিতা, ৰত্নেশ্বৰ দাস, ৰহেশ্বৰ কলিতা, গণেশ মজুমদাৰ, পিতাম্বৰ চৌধুৰী প্ৰমুখ্যে ভালেমান অৱসৰপ্ৰাপ্ত শিক্ষকে ভাষণ প্ৰদান কৰি ছাত্র ছাত্ৰী সকলক উৎসাহিত কৰে ।