কামৰূপৰ বিহদিয়াত অমৃত কলহ যাত্ৰাত ভাগ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, October 8, 2023

কামৰূপৰ বিহদিয়াত অমৃত কলহ যাত্ৰাত ভাগ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 কামৰূপৰ বিহদিয়াত অমৃত কলহ যাত্ৰাত ভাগ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আমিনগাঁও, ৮ অক্টোবৰ:  মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আয়োজিত অমৃত কলহ যাত্ৰাত অংশ লৈ "মোৰ দেশ মোৰ মাটি" কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে জালিকনাত উপস্থিত হৈ  গাওঁ পঞ্চায়তৰ পৰা মাটিৰ কলহ লৈ শোভাযাত্ৰা কৰি অহা স্থানীয় ৰাইজৰ সৈতে প্ৰায় এক কিলোমিটাৰ পথ খোজকাঢ়ি ব্লকৰ কাৰ্যালয় চৌহদত গৈ উপস্থিত হয়।  তাত তেখেতে উক্ত উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো গাওঁ পঞ্চায়তৰ পৰা সমদল কৰি অনা কলহৰ মাটি একেলগে সানমিহলি কৰি পিতলৰ কলহত ভৰায়। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ দি কয় যে স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ অমৃত কালৰ এই অমৃত কলহ যাত্ৰাই দেশৰ  একতাৰ দোলক শক্তিশালী কৰি তুলিব আৰু আমাক দেশৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিব। কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত কলিতা‌ই আদৰণি ভাষণ দিয়া সভাত মঙলদৈ লোকসভা সমষ্টিৰ  সাংসদ দিলীপ শ‌ইকীয়ায়ো চমু ভাষণ দিয়ে। অনুষ্ঠানত ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী  পীযুষ হাজৰীকা, জিলা আয়ুক্ত  কীৰ্তি জল্লী, ৰঙিয়াৰ মহকুমাধিপতি  দীপন বৰ্মন, বিহদিয়া উন্নয়ন খণ্ডৰ বিষয়া  বৈশালী ভট্টাচাৰ্য্য আদিও উপস্থিত থাকে। উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা বহু উদ্দেশ্যীয় সুবিধা কেন্দ্ৰ‌ও মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰে।

Post Bottom Ad

Responsive Ads Here