কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াত শিক্ষক দিৱসৰ মনোজ্ঞ অনুষ্ঠান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, September 5, 2023

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াত শিক্ষক দিৱসৰ মনোজ্ঞ অনুষ্ঠান

 কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াত শিক্ষক দিৱসৰ মনোজ্ঞ অনুষ্ঠান

আমিনগাঁও, ৫ ছেপ্টেম্বৰ: সন্তানক পঢ়িবলৈ উপদেশ দিয়াতে ক্ষান্ত নাথাকি অভিভাৱকসকলকো পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাইছে অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‌ইকীয়াই। আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক শিক্ষক দিৱসৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত তেওঁ এইদৰে কয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে, আজিৰ শিশুসকলক কেৱল উপদেশ বা নিৰ্দেশ দি কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰি। তেওঁলোকক  ঘৰত বা বিদ্যালয়ত ভাল আৰ্হি দেখুৱাব লাগিব। তেখেতে শিশুসকলক  পাঠ্যপুথিৰ জ্ঞানৰ লগতে মানৱীয় আচৰণৰ শিক্ষাও প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সভাত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জয়দীপ শৰ্মা  আৰু ৰঙিয়াৰ মহকুমাধিপতি দিবন বৰ্মনেও ভাষণ দিয়ে। অনুষ্ঠানত কামৰূপ জিলাৰ ১৪ জন নিৰ্বাচিত শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত  অতিৰিক্ত উপায়ুক্ত ড: জীৱনকিশোৰ গোস্বামী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি কামৰূপ অধিবিদ্যা পৰিষদৰ দ্বাৰা 'কামৰূপৰ বিদ্যালয়ৰ গুৰি কথা' শীৰ্ষক এখন গ্ৰন্থৰ উপৰিও 'কামৰূপিকা' নামৰ হাতেলিখা স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয়।


Post Bottom Ad

Responsive Ads Here