ছয়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা
'জনসেৱা লাইভ', ১০ ছেপ্টম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শনিবাৰে নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। পুৱা ছয়গাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ নগেন কলিতা ই পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে। ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি অৰ্জুন দাসে। ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "ন--প্ৰভাতী 'উন্মোচন কৰে বাণিজ্য বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা হাৰুনুৰ ৰশ্বিদে, আতধৰে সাহিত্য আৰু আলোচনী বিভাগৰ প্ৰবক্তা তত্ত্বাৱধায়ক ড০ ফনীন্দ্ৰ কলিতা ই। বৃক্ষ ৰোপন কৰে অধ্যাপক দিলীপ কুমাৰ গোস্বামীয়ে । শ্বহীদ তৰ্পণ কৰে ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সধাৰণ সম্পাদক বনজিৎ কলিতাই। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে ছ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০নগেন কলিতাই। লগতে উপস্থিত থাকে পৰিচালনা সমিতিৰ সদস্য চন্দ্ৰ কলিতা,সোনেশ্বৰ ৰাভা, মঞ্জু কলিতা আদি। হাব্ৰাঘাট কলেজৰ অধ্যক্ষ ড০ মণ্টু কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ মুখপাত্ৰ "কলহী' আৰু ইংৰাজী বিভাগৰ মিচেলেনী উন্মোচন কৰে। । নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়াই ।