ছয়গাঁও লীগত ডিভাইন আৰু চেমনীয়াত হিটলাৰ চূড়ান্ত বিজয়ী
'জনসেৱা লাইভ', ৫ ছেপ্টম্বৰ : ছয়গাঁও ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত প্ৰয়াত ভাৰত দাস আৰু কুমুদ দাস সোঁৱৰণী আন্তঃক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাত বিহদিয়াৰ ডিভাইন ফুটবল দলে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । আজি অনুষ্ঠিত ফাইনেল খেলখনত বিহদিয়াৰ ডিভাইন ফুটবল ক্লাৱে ঔতল ফুটবল দলক ৬-০ গ'লত হৰুৱাই এই বিজয় সাব্যস্ত কৰে। ডিভাইন ক্লাবৰ কৰ্ডো ডিখাৰে লীগৰ ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । আনহাতে, ছয়গাঁও ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত প্ৰয়াত কালি চৰণ কলিতা আৰু ৰজন বালা দাস সোঁৱৰণী চেমনীয়া ফুটবল প্ৰতিযোগিতাত ছয়গাঁৱৰ হিটলাৰ ফুটবল দল চুড়ান্ত বিজয়ী হৈছে । আজি অনুষ্ঠিত চেমনীয়াৰ ফাইনেল খেলত হিটলাৰে বিহদিয়াৰ ডিভাইন চেমনীয়া ফুটবল দলক ৩-১ গ'লত হৰুৱাই ফাইনেল খেলত জয়লাভ কৰে। হিটলাৰ ক্লাবৰ নাম্বাৰ সিঙে চেমনীয়াৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । দুয়োখন খেলৰ আৰম্ভণিতে বঁটাৰ দাতা সকলৰ লগতে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাক , মহকুমা স্বাস্থ্য বিষয়া ডাঃ চিন্ময় দাস,ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া আৰু প্ৰাক্তন ক্ৰীড়া বিষয়া অমৰেন্দ্ৰ ঠাকুৰীয়াক খেলুৱৈ সকলৰ লগত চিনাকি কৰি দিয়া হয়। খেলৰ অন্তত দুয়োখন ফুটবল প্ৰতিযোগিতাৰে বটাসমূহ বিতৰণ কৰে ।