আলবৈ ৰণ স্মৃতি দিৱসত ৰাজ্য চৰকাৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ
কামৰূপ, আমিনগাঁও, ৫ আগষ্টঃ আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত, অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগ আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সহযোগত কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত থকা ঐতিহাসিক আলাবৈ ৰণৰ শ্বহীদৰ স্মৃতি সৌধ স্থলীত আয়োজিত ৰণ স্মৃতি অনুষ্ঠানত ৰাজ্য চৰকাৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে অংশ গ্ৰহণ কৰি আলাবৈ ৰণত অসম মাতৃৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। এই অনুষ্ঠানতেই কামৰূপ জিলাৰ আৰক্ষী বিভাগৰ দ্বাৰা গাৰ্ড অফ অনাৰৰ জৰিয়তে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে আলাবৈ ৰণত অসমৰ ভেটি মাটি ৰক্ষাৰ হকে দহ হাজাৰ অসমীয়া সৈন্যই প্ৰাণ বিসৰ্জন দিয়ে। এনে ঘটনা বিশ্বৰ ইতিহাসত বিৰল। এটা জাতিৰ বুৰঞ্জী তথা অতীত ভালদৰে অধ্যায়ন নকৰিলে ভৱিষ্যতে সেই জাতিটো কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে বুলি কৈ মন্ত্ৰী গৰাকীয়ে আলাবৈ ৰণৰ বিস্তৃত গৱেষণাৰ লগতে অসমৰ ইতিহাস সমৃদ্ধ সত্ৰসমূহ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষণ দি শিক্ষাবিদ তথা শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সভাপতি পৰেশ বৈশ্যই কয় যে ১৬৬৯ চনৰ ৫ আগষ্টত কামৰূপৰ আলাবৈ পাহাৰৰ দক্ষিণ-পশ্চিমৰ সমতল অঞ্চলত ৰামসিংহৰ নেতৃত্বত অহা মোগলৰ লগত আহোমৰ হোৱা এদিনৰ যুদ্ধত ১০ হাজাৰ অসমীয়া সেনাই প্ৰাণ আহুতি দিব লগা হৈছিল। আহোম ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দেশত অনিচ্ছা সত্বেও আহোম সেনাপতি লাচিত বৰফুকনে আলবৈ ৰণ কৰিব লগা হৈছিল। আহোমৰ অন্যতম ভাগ্য নিয়ন্তা, দেশপ্ৰেমিক আতন বুঢ়াগোহাঁই আছিল এই ৰণৰ জীয়া সাক্ষী। এদিনৰ যুদ্ধত পলকতে ইমান সৈন্যই প্ৰাণ বিসৰ্জন দিব লগা ঘটনা বিশ্বৰ ইতিহাসত সম্ভৱতঃ বিৰল বুলিও বৈশ্যই কয়। তেওঁ আৰু কয় যে আলাবৈৰ বিপৰ্যয়ৰ শিকনিয়েই আছিল পৰৱৰ্তী শৰাইঘাট ৰণ জয়ৰ বীজমন্ত্ৰ। আলাবৈ ৰণৰ প্ৰায় দুবছৰ পাছত ১৬৭১ চনত লাচিতৰ নেতৃত্বত ঐতিহাসিক শৰাইঘাট ৰণ হয়। তেওঁ আৰু কয় যে আলাবৈ ৰণত উভয় পক্ষই লোৱা মনস্তাত্ত্বিক, কূটনৈতিক আৰু সামৰিক ৰণ কৌশলৰ গৱেষণা হোৱা উচিত। কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই ৰণ স্মৃতি দিৱসৰ অনুষ্ঠানত প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপীৰেখা কুলি, শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ সম্পাদক মধু সুদন মেধিৱে আলাবৈ ৰণৰ বিস্তৃত আলোকপাতেৰে বক্তব্য প্ৰদান কৰে। ৰণ স্মৃতি দিৱসৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, প্ৰানজিৎ কুমাৰ দেৱ প্ৰমুখ্যে কামৰূপ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকে।