কামৰূপ জিলা সংহত আয়ুক্ত কাৰ্যালয়ত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ
আমিনগাওঁ, ০৫ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়তো অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু বাৰ্ষিকীৰ দিনটো ‘’লোক কল্যাণ দিৱস’’ হিচাপে পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে নিষ্ঠাৱান কৰ্মচাৰীক প্ৰদান কৰা লোক সেৱা পুৰস্কাৰ জিলাখনৰ তিনি গৰকী কৰ্মচাৰীক প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি উপস্থিত থকা গণ্য-মান্য ব্যক্তি তথা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি মহান নেতা গৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতা, দূৰদৰ্শিতা ইত্যাদিৰ ওপৰত আলোকপাত কৰি গোপীনাথ বৰদলৈক অসম আৰু অসমীয়াই চিৰদিন চিৰকালে কৃতজ্ঞতা জনাব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গৰাকী মহান নেতাৰ মৃত্যু দিৱসটোক “লোক কল্যাণ” দিৱস পালন কৰাৰ লগতে নিষ্ঠাৱান বিষয়া-কৰ্মচাৰীক পুৰস্কৃত কৰাৰ এই বিশেষ পদক্ষেপৰ শলাগ লয়। কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গজেন্দ্ৰ অধিকাৰীয়ে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতি, সামাজিক, আধ্যাত্মিক, জীৱনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। তেখেতে ৰাজনৈতিক তথা ৰাজহুৱা জীৱনত প্ৰৱেশ কৰাৰ লগে লগে অসমত এটা সূৰ্য্যৰ উদয় হৈছিল বুলি উল্লেখ কৰি তেখেতৰ সামাজিক, ৰাজনৈতিক দায়বদ্ধতা আৰু দেশপ্ৰেম অতুলনীয় বুলি মন্তব্য কৰাৰ লগতে নৱপ্ৰজন্মক এই গৰাকী মহান নেতাৰ জীৱন আৰু কৰ্মৰাজিৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাৰ লোকসেৱা পুৰস্কাৰ লাভ কৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ্য জিলা প্ৰশাসনিক সহায়ক পংকজ কুমাৰ গগৈ, কামৰূপ জিলা পৰিষদ কাৰ্যালয়ৰ কণিষ্ঠ সহায়ক অপূৰ্ব শৰ্মা আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ মুখ্য সহায়ক মহেশ চন্দ্ৰ শালৈক সম্বৰ্ধনা আৰু মান-পত্ৰ প্ৰদান কৰে। লোক কল্যাণ দিৱসৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্ত, বিষয়া-কৰ্মচাৰী সকল, জেষ্ঠ সাংবাদিককে ধৰি বহু গণ্য-মান্য ব্যাক্তি উপস্থিত থাকে।