অমৃত বৃক্ষ আন্দোলনৰ সফলতাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, August 24, 2023

অমৃত বৃক্ষ আন্দোলনৰ সফলতাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

 অমৃত বৃক্ষ আন্দোলনৰ সফলতাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা 

আমিনগাঁও, ২৪ আগষ্ট: মুখ্য মন্ত্ৰীৰ আহ্বান ক্ৰমে অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যৰ অন্যান্য অংশৰ লগতে কামৰূপ জিলাতো অমৃত বৃক্ষ আন্দোলন সফল কৰি তুলিবলৈ জিলা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে আজি জিলা  আয়ুক্তৰ কাৰ্যালয়ত সকলো সংশ্লিষ্ট বিভাগীয় বিষয়াৰ সৈতে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আলোচনাত মিলিত হয়। তেওঁ স্বাস্থ্য আৰু আৰক্ষী বিভাগক পঞ্জীয়ন প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিটো গাওঁ পঞ্চায়তৰ কাৰ্যালয় আৰু থানা সমূহত নিৰ্দিষ্ট সময়ৰ পূৰ্বে পৰ্যাপ্ত গছপুলি যোগান ধৰাটো নিশ্চিত কৰিবলৈ বন সংমাণ্ডলিক বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, অহা ১৭ ছেপ্টেম্বৰত কামৰূপ জিলাত ৫.২৭ লাখ গছপুলি ৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কাকতি, যুটীয়া স্বাস্থ্য সঞ্চালক ডা: মহীতোষ বেনাৰ্জী, বন সংমাণ্ডলিক বিষয়া ডিম্পী বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ছটককাই ছাংচন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক প্ৰদীপ দাস, ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ জিলা প্ৰৱন্ধক সুমিত প্ৰসাদ দাস প্ৰমুখ্যে বিষয়া সকল উপস্থিত থাকে। সভাত সকলোকে নিজ নিজ দায়িত্ব সমূহ সুচাৰুৰূপে পালন কৰিবলৈ জিলা আয়ুক্ত‌ই আহ্বান জনায়।

Post Bottom Ad

Responsive Ads Here