ভূপেন বৰাই কৰা পাপৰ পৰা মুক্তি নাপায়- পীয়ুষ হাজৰিকা
'জনসেৱা লাইভ',১আগষ্ট : 'ভূপেন বৰাই যি পাপ কৰিছে সেই পাপৰ পৰা মুক্তি নাপায়। এজন মানুহক দুই থাপ্পৰ মাৰি Sorry বুলি কলেই পাপৰ পৰা মুক্ত হ'ব নেকি?' এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই। আজি ছয়গাঁও সমষ্টিৰ জনজাতি অধ্যুষিত অঞ্চল ডাকুৱাপাৰাত ৰাজ্য চৰকাৰৰ জল সম্পদ দপ্তৰৰ মন্ত্রী পিযুষ হাজৰিকা উপস্থিত হয় । ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে গৰাখহনীয়া বিষয় সন্দৰ্ভত বিভাগীয় মন্ত্রী গৰাকীক জনোৱাত ডাকুৱাপাৰাৰ দুই গৰাখহনীয়া অঞ্চলত চলি থকা কাম পৰিদৰ্শন কৰে । মন্ত্রীগৰাকীয়ে সাংবাদিকৰ সন্মূখত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণক জেহাদী বুলি কৈ ভূপেন বৰাই এতিয়া নামঘৰলৈ গৈ লাভ নাই বুলি কয়। মন্ত্ৰী গৰাকীয়ে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে ভগৱান শ্ৰীকৃষ্ণক কৰা অপমানৰ বিৰুদ্ধে গৰজি উঠি মন্ত্ৰী গৰাকীয়ে নিজেই হনুমান চালিচা দৈনিক পঢ়া বুলি উল্লেখ কৰি ভূপেন বৰাই ঘোষা জানে, কবিতা জানি পাণ্ডিত্য প্ৰকাশ কৰক। কিন্তু ধৰ্মৰ নামত যাতে কালিমা নানে তাৰ বাবে সঁকীয়াই দিয়ে। লগতে তেওঁ উল্লেখ কৰা অনুসৰি ছয়গাঁও ডাকুৱাপাৰা অঞ্চলৰ গৰাখহনীয়া অঞ্চলত আজিৰে পৰা তীব্ৰ গতিত কাম চলিব । এই গৰাখহনীয়াৰ বাবে যাতে ৰাইজে সমস্যাত পৰিব লগা নহয় তাৰ বাবে কামটো ভালকৈ কৰিবলৈ আহ্বান জনাই সংশ্লিষ্ট বিভাগক । আনহাতে, ইয়াৰ পিছতে গুমীত ৰূপায়িত হৈ থকা গৰাখহনীয়া প্ৰতিৰোধী আচনিৰ কামৰ বুজ লোৱাৰ উদ্দেশ্য মন্ত্রী গৰাকী উপস্থিত হয় । মন্ত্রী গৰাকীৰ এই পৰিদৰ্শন কালত ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত কিৰ্তী জল্লী, বিজেপি নেতা হিমাংশু শ্বেখৰ বৈশ্যৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে।