৩ নম্বৰ আম'লা গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত আৰু প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান
'জনসেৱা লাইভ', ২৯ জুলাই : দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমত'লা গাঁৱৰ বিশ্বৰত্ন ভূপেন হাজৰিকা মঞ্চত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্ভাষণ জনোৱাৰ উদ্যেশ্যে এখন বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় । ৩ নং আমত'লা গাওঁ উন্নয়ন সমিতি আৰু প্ৰভাতী সূৰুয নাট্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ধ্ৰৱ নাৰায়ণ দাসে । প্ৰভাতী সূৰুয নাট্য গোষ্ঠীৰ সভাপতি মনোজ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত কুকুৰমাৰা পহৰা চকীৰ আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসে ভাষণ প্ৰদান কৰি প্ৰথম, দ্বিতীয় স্থানৰ উপৰিও তৃতীয় স্থান প্ৰাপ্ত ছাত্র ছাত্ৰীক সম্ভাষণ জনোৱা বিষয়টোত সন্তোষ প্ৰকাশ কৰে । আৰক্ষী বিষয়া গৰাকীয়ে নিজৰ জন্মদিন নিজে উদযাপন কৰাতকৈ সমাজৰ আগশাৰীৰ মানুহ হিচাপে প্ৰতিষ্ঠিত হৈ যাতে নিজৰ জন্মদিন ৰাইজে উদযাপন কৰিব পাৰে তাৰ বাবে নিজ লক্ষ্যত উপনীত হৈ অধ্যয়ন কৰিবলৈ অনুৰোধ কৰে আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসে । সভাত উদ্যোমী যুৱক ভূপেন দাসে প্ৰতিগৰাকী ছাত্র ছাত্ৰীক নিজ খৰচত একোখনকৈ ডিক্সনাৰী প্ৰদান কৰি গাঁৱৰ এই ভৱিষ্যত প্ৰজন্মক প্ৰতিটো ক্ষেত্ৰত সহায় কৰি যোৱাৰ আশ্বাস দিয়ে । সাংবাদিক বিশ্বজিৎ দাসে শিক্ষা-দীক্ষা, ধন সম্পত্তি আদিক লৈ অহংকাৰ কৰাৰ পৰিৱৰ্তে ছাত্র ছাত্ৰী সকলক নিজৰ জীৱন গঢ়াৰ বাবে নীৰৱে সাধনা কৰি যাবলৈ অনুৰোধ কৰে । সভাত গাওঁ প্ৰধান নীলকন্ঠ দাস, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি সিদ্ধেশ্বৰ দাস, সাংবাদিক ভগৱান দাস, শিক্ষক অজন্ত দাস, উদিয়মাণ যুৱক কৃষ্ণ দাস, গোপাল দাস, বহুমুখী সমবায় সমিতিৰ সভাপতি পৰমানন্দ দাস, পূৰ্ণৰাম দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।