কামৰূপ জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা জিলা প্ৰশাসন উদ্যোগত ‘’দেশভক্তি’’ দিৱস পালন
কামৰূপ, আমিনগাঁও ,২৮ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলাতো জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটি “দেশ ভক্তি দিৱস’’ হিচাপে পালন কৰা হয়। এই উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী, আমন্ত্ৰিত বক্তা সকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছৱিত মল্যাৰ্পণ কৰি স্বাধীনতা সংগ্ৰামী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে আৰম্ভণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত নিৰ্দ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ বাণীকান্ত চক্ৰবৰ্ত্তীৱে “দেশভক্ত তৰুণৰাম ফুকনৰ ভাৰত বৰ্ষৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান” শীৰ্ষক বক্তৃতা প্ৰদান কৰি দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেম, স্বাধীনতা আন্দোলনত তেখেতৰ অৱদান ইত্যাদিৰ অৱলোকনেৰে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। তেখেতে তৰুণৰাম ফুকনক ৰাইজৰ হৃদয়ে হৃদয়ে স্থান লাভ কৰা মহান নেতা বুলিও কয়। বক্তাগৰাকীয়ে লগতে দেশভক্তি দিৱসৰ দিনাখন দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু অৰিহণাৰ বৰ্ণনাৰে পুস্তিকা প্ৰকাশৰ উদ্যোগ লবলৈ কয় যাতে নৱ প্ৰজন্মই এই গৰাকী নেতাৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ উপৰি তেখেতৰ অকৃত্ৰিম দেশ প্ৰেমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ দেশ সেৱাৰ প্ৰৰণা লাভ কৰিব পাৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যই “অসমৰ আৰ্থসামাজিক উন্নয়নত দেশভক্ত তৰুণৰাম ফুকনৰ অৱদান” শীৰ্ষক বক্তৃতা প্ৰদান কৰি তৰুণৰাম ফুকনৰ অৱদানৰ বিষয়ে বিস্তৃত ব্যখ্যা আগবঢ়ায়। তেওঁ কয় যে দেশভক্ত তৰুণৰাম ফুকন আছিল স্বপ্নদ্ৰষ্টা। ১৮ বছৰ ধৰি অসম ব্যৱস্থাপনা সভাৰ সদস্যহৈ থকা অৱস্থাত তেওঁ অসমত কানিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, আৰ্মী ৰেজিমেণ্ট গঠন কৰাৰ ওপৰত ও তেখেতে দাবি জনাইছিল। কটন মহাবিদ্যালত অসমীয়া অধ্যাপক দিয়াৰ বাবেও দাবি উত্থাপন কৰিছিল ইয়াৰ উপৰি তেওঁ এজন অসমীয়া জাতীয়তাবাদী হোৱাৰ উপৰিও এজন ৰাষ্ট্ৰীয়তাবাদীও হ’ব লাগে বুলি মত প্ৰদান কৰিছিল। আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, নিৰ্বাচনী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, মানস জ্যোতি বৰা, সহকাৰী আয়ুক্তকে ধৰি জিলা প্ৰশাসন তথা অন্যান্য বিভাগীয় বিষয়া-কৰ্মচাৰীৰ তথা জেষ্ঠ স্থানীয় সাংবাদিক সকল উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে।