বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিৰ কামৰূপ জিলাৰ বিভিন্ন বিভাগীয় কাম-কাজৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, July 13, 2023

বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিৰ কামৰূপ জিলাৰ বিভিন্ন বিভাগীয় কাম-কাজৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন

বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিৰ কামৰূপ জিলাৰ বিভিন্ন বিভাগীয় কাম-কাজৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন


কামৰূপ, আমিনগাওঁ, ১৩ জুলাইঃ অসম বিধান সভাৰ তৰফৰ পৰা 'বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি' ৰ এটা দলে আজি কামৰূপ জিলা ভ্ৰমণ কৰে। বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি (ডি. আৰ. এছ. চি.)য়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰামৰ্শমূলক প্ৰতিবেদনত ৰাজ্যৰ জিলা সমূহত বিভিন্ন বিভাগৰ অধীনত চলি থকা কাম-কাজৰ ক্ষেত্ৰত কেতবোৰ কৰণীয় কাৰ্যাৱলীৰ পৰামৰ্শ আগবঢ়াইছিল। সেই পৰামৰ্শমূলক নিৰ্দেশনাৱলী অনুসৰি অন্যান্য জিলাৰ লগতে আজি কামৰূপ জিলাতো সংশ্লিষ্ট বিভাগ সমূহৰ অধীনত উক্ত পৰামৰ্শৱলীসমূহ যথাযথ ৰূপায়িত কৰাৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ যথাৰ্থতা নিৰূপনৰ উদ্দেশ্যে কামৰূপ জিলাত আহি উপস্থিত হোৱা সমিতিৰ প্ৰতিনিধি দলটোৱে ভ্ৰমণৰ সময়ছোৱাত কামৰূপ জিলাত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে উক্ত আঁচনি সমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতাৰ খতিয়ান লয় তথা বিভিন্ন বিভাগৰ অধীনত চলি থকা তথা নিৰ্মাণ সম্পূৰ্ণ হোৱা কিছু সংখ্যক প্ৰকল্পৰ  নিৰ্মানকার্যস্থলীৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰে। ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা দলটোৰ অনান্য বিধায়ক সদস্য সকল ক্ৰমে- কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দূৰ্গা দাস বড়ো, কাটিগড়া বিধানসভা সমষ্টিৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া। দলটোৱে প্ৰথমতে ছয়গাঁও নং-১ বালি মহল পৰিদৰ্শন কৰাৰ উপৰি পলাশবাৰী বিধানসভা সমষ্টিৰ বঙৰাৰ কৈইটাসিদ্ধি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উপৰি নিৰ্মাণৰ অন্তিম পৰ্যায়ত থকা আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়াম, চুইমিং পুলৰ কাম-কাজ পৰিদৰ্শন কৰে। সমিতিৰ ৫ জনীয়া দলটোৱে দিনটোৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শনৰ অন্তত আমিনগাঁৱৰ পৰিদৰ্শন বঙলাৰ সভাকক্ষত  জ্যেষ্ঠ প্ৰশাসনিক বিষয়াবৰ্গৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক  সম্বোধন কৰি জিলাখনৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিভাগ যেনে- পৰিবহন, আবকাৰী, সাধাৰণ প্ৰশাসন, লোকনিৰ্মান (গৃহ), ক্ৰীড়া, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, মহিলা আৰু শিশু কল্যাণ, সামাজিক ন্যায়, শক্তি, পৰিৱেশ আৰু বন বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰি গঠনমূলক বিশ্লেষনেৰে বৰ্তমানে অব্যাহত থকা কাম-কাজসমূহ আৰু অধিক ফলপ্ৰসূ তথা উন্নয়নমুখী কৰাত সহায়ক হোৱাকৈ কেতবোৰ পৰামৰ্শ আগবঢ়ায়। ৰাতিপুৱা ১০ বজাত সমিতিৰ দলটোৱে কামৰূপ জিলাত উপস্থিত হোৱাত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে সমিতিৰ অধ্যক্ষকে ধৰি অন্যান্য সদস্য সকলক আদৰণি জনায়।

Post Bottom Ad

Responsive Ads Here