সাংসদ কুইন ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল কামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ বৈঠক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, July 11, 2023

সাংসদ কুইন ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল কামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ বৈঠক

 সাংসদ কুইন ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল কামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ বৈঠক

কামৰূপ, আমিনগাওঁ, ১১ জুলাইঃ*  আজি আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ অধ্যক্ষতাত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি (District Development Co-Ordination &  Monitoring Committee)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন উন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি  সমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া, জিলা উপায়ুক্ত কীৰ্তি জল্লী, কমৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ, কামৰূপ জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, জিলাখনৰ আটাইকেইটা বিধান সভা সমষ্টিৰ বিধায়ক সকলৰ প্ৰতিনিধি, পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশ গ্ৰহণ কৰা উক্ত বৈঠকত জিলা পৰিষদৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি, মহাত্মা গান্ধী এনৰেগা, অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), জলজীৱন মিচন, স্বচ্ছ ভাৰত মিচন (গ্ৰামীণ), লোকনিৰ্মাণ (পথ)ৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, সমাজ কল্যাণ বিভাগৰ অধীনৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, জলসিঞ্চন বিভাগৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, সৌৰ শক্তিৰ দ্বাৰা চালিত পাম্প, দক্ষতা উন্নন বিভাগৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, সাংসদ আদৰ্শ গ্ৰাম যোজনা, খাদ্য আৰু অসামৰিক বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বিষয়, শিক্ষা বিভাগৰ অধীনত লাভ কৰা বিভিন্ন আঁচনিৰ অগ্ৰগতি, মীন বিভাগৰ অধীনৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা তথা বন বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসত কুইন ওজাই বিভিন্ন উন্নয়ন মূলক কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে সময়ে সময়ে নিৰ্বাচিত জন প্ৰতিনিধিক অৱগত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে যাতে আঁচনি সমূহৰ ৰূপায়ণ তথা ৰূপায়ণত আহি পৰা বিভিন্ন অসুবিধা সমূহৰ যথোচিত সমাধান সূত্ৰৰে আঁচনি ৰূপায়ণ ক্ষিপ্ৰতৰ কৰিব পৰা যায়। সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ দ্বাৰা ইতিমধ্যে নিৰ্বাচিত গাঁওত বিভিন্ন উন্নয়ন মূলক কাম-কাজ যাতে অগ্ৰাধিকাৰ ভিত্তিত কৰিব পৰা যায় তাৰ বাবেও বেঠকত কোৱা হয়। তদুপৰি নতুনকৈ প্ৰদান কৰিবলগীয়া ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যোগ্য দুখীয়া লোকৰ পৰিয়াল যাতে বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ কোৱা হয়। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দক্ষতা উন্নয়নৰ কাৰ্যসূচীৰ বাবে তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিধায়ক সকলক সঠিক ভাবে অৱগত কৰাৰ বাবেও আজিৰ বৈঠকত কোৱা হয়। বৈঠকত ভি.জি.আৰ, পি.জি.আৰ ভূমিত অমৃত সৰোবৰৰ আধীনত খন্দা পুখুৰীৰ লগত জড়িত বিষয় সমূহৰ সমাধান সূত্ৰ উলিওৱাৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি পি.এম.এ.ৱাই (গ্ৰামীণ)ৰ দিশটো সংশ্লিষ্ট বিষয়া সকলক নিজকে উৎসৰ্গিত মনোভাৱেৰে জড়িত কৰাই কাম সমূহ সম্পূৰ্ণ কৰিবলৈ কোৱা হয়।

Post Bottom Ad

Responsive Ads Here