ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন সম্পন্ন
ছয়গাঁও,১১জুলাইঃ কামৰূপ জিলাৰ এখন অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিভাগটোৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ প্ৰাক্তন উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ ইচমতুন নেছাৰ সঞ্চালনাত অনুষ্ঠিত এই শিক্ষাৰ্থী সন্মিলন আজি পুৱা ১৩-৩০ বজাত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতাই। শিক্ষাৰ্থী সন্মিলন উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত অধ্যক্ষ ডঃ কলিতাই মহাবিদ্যালয়ৰ এখনৰ সৰ্বাংগীন উন্নতিত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভুমিকা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ নগেন কলিতাই। এই সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুদীৰ্ঘ কৰ্মজীৱনৰ অভিজ্ঞতা অতি ৰসালভাবে দাঙি ধৰে বিভাগটোৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অনুপমা ডেকাই। এই শিক্ষাৰ্থী সন্মিলনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ছয়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ মৃণাল কুমাৰ বৰাই। ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকা,অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দীপিকা দাস আৰু উপাধ্যক্ষ কমল ঠাকুৰীয়ায়ো এই সন্মিলনত অংশ গ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। সন্মিলনত অংশগ্ৰহণ কৰি ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী ক্ৰমে নাৰ্জী হুছেইন চৌধুৰী,ভাৰত গোস্বামী, পংকজ কুমাৰ ঠাকুৰীয়া,চামচুল আলি,যুগশ্ৰী দাস,অম্বিকা বড়ো,দীপামণি গোস্বামী,আজাহাৰ আলি,বলোৰাম ৰাভা,টিংকু মণি দাস্,জিতুল শালৈ,নয়নমণি দাসকে ধৰি বহু সংখ্যকে ভাষণ ৰাখি মহাবিদ্যালয়ত অধ্যয়ন কৰা দিনবোৰৰ স্মৃতি সোঁৱৰণ কৰি আবেগিক হৈ পৰাৰ লগতে অসমীয়া বিভাগক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুতো গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। সন্মিলনত সকলোৱে ঐক্যবদ্ধভাৱে অসমীয়া বিভাগক আগুৱাই নিয়াৰ বাবে ভৱিষ্যত কাৰ্যপন্থা যুগুত কৰাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ এখন কমিটীও গঠন কৰা হয়।আজিৰ সন্মিলনত অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত, বিহু নৃত্য, আধুনিক নৃত্য, জ্যোতি সংগীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।এই সন্মিলনত ১৯৮৫ চনৰ পৰা বিগত বৰ্ষ পৰ্যন্ত বিভাগটোত বিভিন্ন সময়ত অধ্যয়ন কৰি যোৱা তিনি শতাধিক প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকি স্মৃতি কাতৰ হৈ পৰাৰ লগতে এক আবেগিক পৰিবেশৰ সূচনা কৰে। অসমীয়া বিভাগৰ অধ্যাপক ভূষণ কলিতা,ডঃ দীপামণি বৰ্মণ, নন্দিতা দেৱী,ডঃ সৃষ্টি শ্বৱনম,চুমী ঠাকুৰীয়া,অংকুমণি শালৈ,তাৰিফা বেগম,চুমি কলিতা আৰু মণিষা বড়োও এই সন্মিলনত উপস্থিত থাকে।