কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
কামৰূপ, আমিনগাঁও ১০ জুলাইঃ* আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ অধ্যক্ষতাত কামৰূপ জিলাৰ জিলা উন্নয়ন সমিতিৰ জুলাই মাহৰ বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰা আজিৰ এই বৈঠকত কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি তথা কাম-কাজ সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি বিগত জুন মাহত অনুষ্ঠিত হোৱা বৈঠকত বিভিন্ন বিভাগলৈ প্ৰদান কৰা নিৰ্দেশনা সমূহৰ অগ্ৰগতিৰ খাতিয়ানো লোৱা হয়। বৈঠকত কৃষি, স্বাস্থ্য, সমাজ কল্যাণ, হস্ত তাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ, এ.পি.ডি.চি.এল., উদ্যোগ আৰু বাণিজ্য, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু-চিকিৎসা, জলসম্পদ, লোকনিৰ্মাণ (গৃহ) ইত্যাদি বিভাগে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। বৈঠকত কৃষি, লোকনিৰ্মাণ (গৃহ), জল সম্পদ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ, পশুপালন আৰু পশু-চিকিৎসা, সমাজ কল্যাণ বিভাগে তেওঁলোকৰ কৰ্মৰাজিৰ সৱিশেষ সামৰি প্ৰেজেন্টেশ্যন দাঙি ধৰে। তদুপৰি উক্ত বৈঠকতে কৃষি আৰু জল সম্পদ বিভাগক মাটিৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত বাৰিষাৰ প্ৰথম ঢল চুইচগেটৰ জৰিয়তে খেতি পথাৰলৈ বোৱাই আনি খেতি পথাৰ সমূহ অধিক পলসুৱা কৰি তোলাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে আহ্বান জনোৱাৰ লগতে ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰি জৈৱিক সাৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে জনসচেতনতা বৃদ্ধি কৰিবলৈ কৃষি বিভাগক পদক্ষেপ লবলৈ কয়। বৈঠকত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বিপন বৰ্মনকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সকলে অংশ লয়।