বিভিন্ন সমস্যা সমাধানৰ দাবীত ছয়গাঁৱত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট
'জনসেৱা লাইভ', ২ জুলাই : দক্ষিণ কামৰূপ প্ৰাক্তন সৈনিক সংস্থাই আজি ছয়গাঁও জিৰণি কোঠাত অৱস্থান ধৰ্মঘট ও ভোক হৰতাল কাৰ্যসূচী পালন কৰে । নতুন দিল্লীৰ ফেডাৰেচন অৱ ভেটাৰ্ণ আৰ্মি এচোছিয়েচনৰ আহ্বানত পেঞ্চনৰ বিসংগতিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে । দক্ষিণ কামৰূপ প্ৰাক্তন সৈনিক সংস্থাৰ উদ্যোগত পালন কৰা এই ধৰ্মঘটত অঞ্চলটোৰ প্ৰাক্তন সৈনিকৰ লগতে প্ৰাক্তন সৈনিকৰ পৰিয়াল পেঞ্চনধাৰী সকলেও অংশগ্ৰহণ কৰে । ছয়গাঁও প্ৰাক্তন সৈনিক সংস্থাৰ সম্পাদক সুৰেশ চন্দ্ৰ মেধীয়ে জানিবলৈ দিয়া মতে প্ৰাক্তন সৈনিক আৰু বীৰাংগণা সকলৰ ওৱান ৰেংক ওৱান পেঞ্চনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিসংগতি দূৰ কৰাৰ লগতে সমান মিলিটেৰী চাৰ্ভিচ পে দিয়াৰ ব্যৱস্থা কৰা, ডিছএবিলিটি পেঞ্চনত থকা বৈষম্য দূৰ কৰা, ৰিজাৰ্ভেষ্টক ও আৰ ও পি দিয়াৰ ব্যৱস্থা কৰা, প্ৰাক্তন সৈনিকৰ স্বাস্হ্য কাৰ্ড (ECHS), আৰু কেন্টিন কাৰ্ডত (CSD) থকা বৈষম্য দূৰ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট পালন কৰিছে । প্ৰাক্তন সৈনিক সকলে তেওঁলোকৰ দাবী পূৰণৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রীলৈ কেবাবাৰো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও তেওঁলোকৰ দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত প্ৰাক্তন সৈনিক সংস্থাটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।