কাইলৈ বিশ্ব অভিলেখ গঢ়া বিহু অনুষ্ঠানত অংশ লোৱা কামৰূপৰ বিহুৱা-বিহুৱতীৰ প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, June 30, 2023

কাইলৈ বিশ্ব অভিলেখ গঢ়া বিহু অনুষ্ঠানত অংশ লোৱা কামৰূপৰ বিহুৱা-বিহুৱতীৰ প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান

কাইলৈ বিশ্ব অভিলেখ গঢ়া বিহু অনুষ্ঠানত অংশ লোৱা কামৰূপৰ বিহুৱা-বিহুৱতীৰ প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান


কামৰূপ, আমিনগাওঁ, ৩০ জুনঃ* কাইলৈ দিনৰ ১২.৩০ বজাত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত হবলগীয়া অনুষ্ঠানত সৰ্ববৃহৎ বিহু নৃত্যৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচত স্থান লাভেৰে বিশ্ব অভিলেখ গঢ়া বিহু প্ৰদৰ্শনৰ কামৰূপ জিলাৰ পৰা অংশ লোৱা বিহুৱা-বিহুৱতী সকলক মুখ্যমন্ত্ৰীৰ দ্বাৰা স্বাক্ষৰিত প্ৰমাণ-পত্ৰ আৰু প্ৰত্যেকলৈ ২৫ হাজাৰ টকাকৈ মাননি প্ৰদানৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমিনগাঁওস্থিত সংহত উপায়ুক্ত কৰ্যালয় চৌহদত আয়োজিত হবলগীয়া উক্ত অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কামৰূপ জিলা প্ৰশাসনে। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ সাংসদ তথা বিধায়ক সকলেও অংশ গ্ৰহণ কৰিব। কামৰূপ জিলাৰ বিহুৱা-বিহুৱতী সকলক প্ৰত্যেককে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে ১১ হাজাৰ ৩৩৯ গৰাকী বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে ৰাজ্য চৰকাৰে এখন বাকৰিতে আয়োজন কৰা সৰ্ববৃহৎ বিহু নৃত্যই যোৱা ১৩ এপ্ৰিলত গিনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই স্টেডিয়ামত এই বিশাল বিহু অনুষ্ঠান প্ৰদৰ্শিত হয় । এই উৎকৃষ্ট প্ৰদৰ্শনৰ কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাজ্য চৰকাৰে অনুষ্ঠানত অংশ লোৱা প্ৰত্যেকগৰাকী বিহুৱা-বিহুৱতীক ২৫,০০০ টকাৰ মাননিৰ লগতে একোখন প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছে । অসমৰ প্ৰতিখন জিলাতে এই পুৰষ্কাৰ আৰু প্ৰমাণ-পত্ৰ বিতৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে । কাইলৈ এই অনুষ্ঠান কামৰূপ জিলাটো আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই জিলাখনৰ পৰা এই বিহুত অংশগ্ৰহণ কৰা সৰ্বমুঠ ৬১৫ গৰাকী বিহুৱা-বিহুৱতীক প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান কৰা হব।

Post Bottom Ad

Responsive Ads Here